সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে দুখনকৈ অভিলাষী আঁচনিৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ মাজত জলপানী প্ৰদান

0
100

সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে দুখনকৈ অভিলাষী আঁচনিৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ মাজত জলপানী প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় , ১৭ ফেব্ৰুৱাৰী : সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনাৰ সাহায্য বিতৰন অনুষ্ঠান আজি চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হৈ যায । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে । অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী কয যে বিগত ১০ টা বছৰৰ পৰা প্ৰদান কৰি অহা হৈছে শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটাৰ লগতে এই বৰ্ষৰ পৰা নতুনকৈ সংযোজনে জ্ঞান বিকাশ যোজনাৰ যোগেদি দ্বিতীয় আৰু তৃতীয বিভাগত উত্তীৰ্ণ ৩০০০ ছাত্ৰ ছাত্ৰী সামৰি এককালীন অৰ্থ সাহাৰ্য্য আগবঢ়াই শৈক্ষিক দিশত যথেষ্ট উপকৃত হব পাৰিব বুলি কয । আনহাতে স্বায়ত্ত শাসিত পৰিষদে লোৱা ছাত্ৰ ছাত্ৰী সকলৰ মাজত লোৱা আঁচনি সমুহ ক্ৰমে – পেৰা মেডিকেল, লোকসেৱা আয়োগ, ডাউন টাউন, নাৰ্ছকে আদি কৰি ৩৬ টাকৈ বিভিন্ন দিশত শিক্ষা বিভাগৰ যোগেদি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰা হৈছে বুলি বহল ভাৱে আলোকপাত কৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক উত্তম পাথাৰী আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ শচিকান্ত শইকীয়াৰ যোগেদি দুখনকৈ পুষ্টিকা উন্মোচন কৰে । অনুষ্ঠানত অতিথি হিচাপে সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং, স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিদিপ হাজৰিকা, ৰিচিকেশ শইকীয়া, খনিন্দ্ৰ সোনোৱাল, বদন সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী সাহিত্য সভাৰ কোষাধ্যক্ষ অহিন্দ্ৰ শইকীয়াৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here