সৌভাগ্য আঁচনিৰ উদ্যোগত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তত প্ৰায় দুশৰো অধিক লোকক বিনামূলীয়া বিদ্যুৎৰ মিটাৰ প্ৰদান

0
107

সৌভাগ্য আঁচনিৰ উদ্যোগত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তত প্ৰায় দুশৰো অধিক লোকক বিনামূলীয়া বিদ্যুৎৰ মিটাৰ প্ৰদান
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১২ ফেব্ৰুৱাৰীঃ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ প্ৰচেষ্টাত চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ প্ৰাঙ্গনত আজি পুৱা প্ৰায় ১১ মান বজাত প্ৰায় দুশৰো অধিক হিতাধিকাৰী লোকক সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যুৎৰ মিটাৰ প্ৰদান কৰে মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা কুমলিনা তপ্ন, উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সমবায়ৰ সদস্য প্ৰবিন দাসে । উক্ত দুই শতাধিক হিতাধিকাৰী লোকসকলৰ তালিকা বিদ্যুৎৰ মিটাৰ পাবলগীয়া সকলৰ হে প্ৰস্তুত কৰি প্ৰদান কৰা হৈছে বুলি আমাক জানিবলৈ দিয়ে । বৰ্তমান উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু পিছ পৰা অঞ্চল ক্ৰমে খিষ্ট্ৰানবস্তী, ২ নং বৰদিকৰাই, বালিজুৰীৰ লোকসকলে এতিয়া বিদ্যুৎৰ পোহৰ দেখা পোৱাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here