সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত মহিলা শক্তি কেন্দ্ৰৰ প্ৰশিক্ষণ

0
119

সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত মহিলা শক্তি কেন্দ্ৰৰ প্ৰশিক্ষণ
দুৰ্নীতিৰ দৰ্পণ ,প্ৰতিবেদক , মনজিৎ দাস , হাউলী,২০ জানুৱাৰীঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ মহিলা শক্তি কেন্দ্ৰৰ ছাত্ৰ স্বেচ্ছাসেৱকৰ এখন প্ৰশিক্ষণ যোৱা ১৮ আৰু ১৯ জানুৱাৰীত সৰুক্ষেত্ৰীৰ বাপুজী মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায় । উক্ত প্ৰশিক্ষণৰ প্ৰাকক্ষণত অনুষ্ঠিত সভাত আদৰণী ভাষণ ৰাখে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ খণ্ড প্ৰকল্প সহায়ক ৰণজিৎ তালুকদাৰে। সভাত বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপকসকলৰ লগতে খণ্ড পৰ্যায়ৰ মহিলা শক্তি কেন্দ্ৰৰ সদস্য বৃন্দৰ লগতে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মচাৰীবৃন্দ উপস্থিত থাকে । উল্লেখ্য যে, সিদিনাৰ সভাত উপস্থিত অতিথিবৃন্দক অসমীয়া সংস্কৃতিৰ ঐতিহ্য বহনকাৰী একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । আনহাতে , দিনজোৰা প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণৰ প্ৰয়োজনীয় সামগ্ৰীৰ লগতে পৰিচয় পত্ৰও প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here