সৰুক্ষেত্ৰী সমষ্টিৰ মহাজোঁটৰ এআইইউডিএফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানক বিপুল আদৰণি

    0
    42

    সৰুক্ষেত্ৰী সমষ্টিৰ মহাজোঁটৰ এআইইউডিএফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানক বিপুল আদৰণি
    প্ৰতিবেদক হাউলী , ৯ মাৰ্চঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ এআইইউডিএফ তথা সমাগত বিধানসভা নিৰ্বাচনৰ সৰুক্ষেত্ৰী সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানক আজি প্ৰায় আঠ সহস্ৰাধিক তেওঁৰ দলৰ সমৰ্থকে মাজদিয়া বজাৰ(গৰেমাৰী)পৰা তেওঁক সৰুক্ষেত্ৰী সমষ্টিলৈ উষ্ম আদৰি জনায় । উল্লেখ্য যে,এইবেলি মহাজোঁটৰ প্ৰাৰ্থী হিচাপে এআইইউডিএফ দলৰ মিনাক্ষী ৰহমানক প্ৰক্ষেপ কৰাত তেওঁৰ সমৰ্থকসকলে উৎফুল্লিত হৈ বাইক আৰু চাৰিচকীয়া বাহনেৰে ৰেলি কৰি সমষ্টিলৈ আদৰি অনাৰ লগতে অসমৰ স্বাভীমানি ফুলাম গামোচা আৰু ফুলৰ মালাৰে শুভেচ্ছা জনায় । আজি এ আই ইউ ডি এফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে ৰাইজৰ বিপুল সঁহাৰি প্ৰত্যক্ষ কৰি সাংবাদিকৰ সাক্ষ্যাৎকাৰত কয় যে,আজি ৰাইজৰ মৰমত বহু আনন্দিত । ৰাইজৰ এই সহাঁৰি কেতিয়াও পাহৰি নাযায় । এনেদৰে সদায় ৰাইজৰ লগত আগবাঢ়ি যাব লাগিব । সৰুক্ষেত্ৰী সমষ্টিৰ উন্নতি সাধন কৰিব লাগিব । ৰাইজৰ সহাৰি অবিহনে কোনো কাম সম্ভব নহয় । এই সমষ্টিটো সকলো সম্প্ৰদায়ৰ লোকৰ মাজত মিলাপ্ৰীতিৰে আগুৱাই লৈ যাব লাগিব বুলি কয় । এই আশীৰ্বাদ শিৰত লৈ তেওঁ সদায় আগবাঢ়িব । যি ভাবে ৰাইজে সহাৰি দিছে , সেই আশা পূৰণ কৰিবৰ বাবে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ ওপৰত দায়িত্ব বাঢ়িল বুলিও মিনাক্ষী ৰহমানে কয় । অহা দিনত সৰুক্ষেত্ৰীৰ ৰাইজক যাতে ভাল দিন ওভতাই দিব পাৰে , তাৰ কাৰণে চেষ্টা সদায় অব্যাহত থাকিব । আনকি কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী যদিও থাকিব এ আই ইউ ডি এফৰ কোনো ক্ষতি নহয় বুলি দৃঢ়তাৰে তেওঁ মত প্ৰকাশ কৰাৰ লগতে ৰাইজৰ সহাঁৰিয়ে তাকেই প্ৰমাণ কৰিছে বুলি মত ব্যক্ত কৰে মিনাক্ষী ৰহমানে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here