হাঁহচৰাত বিনামূলীয়া চিকিৎসা শিবিৰ

    0
    52

    হাঁহচৰাত বিনামূলীয়া চিকিৎসা শিবিৰ

    দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ পৰা মুকুল বাইলুংৰ প্ৰতিবেদন , ২৪ ফেব্ৰুৱাৰী: “হাঁহচৰা সন্মিলিত যুৱ সমাজ”ৰ উদ্যোগত অনুষ্ঠিত হোৱা বিনামূলীয়া চিকিৎসা শিবিৰত হাঁহচৰা ৰাইলুং চেতিয়া আৰু চাংমাই গাৱৰ প্রায় দুই শতাধিক,সিংহদ্বাৰ গোহাঁই গাৱৰ শতাধিক ব্যক্তিয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামুলীয়া ঔষধ,মধুমেহ ৰোগৰ পৰীক্ষা,ব্লাড প্ৰেচাৰ ইত্যাদি সেৱা লাভ কৰে । সন্মিলিত যুৱ সমাজৰ সম্পাদক টিকেন্দ্ৰজিত চেতিয়া আৰু গোহাঁই গাওঁ উন্নয়ন সমিতিৰ সম্পাদক সুশীল কোঁৱৰে আঁত ধৰা অনুষ্ঠান কেইটিৰ সফল ৰূপায়নত আমাক উৎসাহিত কৰিবলৈ আমাৰ মাজত অনুষ্ঠান দুটাৰ উদ্বোধক দ্বয় বিশিস্ট সমাজকৰ্মী শ্ৰীযুত অনন্ত চেতিয়া আৰু নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলিপ গগৈ , হাঁহচৰা প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীযুত দেৱজ্যোতি বৰুৱা,সাংবাদিক মিন্টু চাংমাই,ধনেশ্বৰী বুঢ়াগোহাঁই,টুষেশ্বৰী কোঁৱৰ প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠান কেইটিৰ লগত সংগতি ৰাখি স্বাস্হ্য সজাগতা কাৰ্য্যসূচীও অনুষ্ঠিত কৰা হয়,এই ক্ষেত্ৰত উপস্হিত ৰাইজক ডা: উপেন্দ্ৰ নাথ গগৈয়ে বিশদ বিৱৰণ দাঙি ধৰে । আমাৰ এই পদক্ষেপত সহায় কৰাৰ বাবে অ এন জি চিৰ সামাজিক দায়বদ্ধতা আচঁনিৰ অন্তৰ্গত চুকাফা মাল্টিস্পেচিয়েলিটি হস্পিতেলৰ ডা: অশোক দত্ত,ডা: উৎপল শীল,ডা: কংকনা শৰ্মা,পৰিচাৰিকা নিহাৰিকা শইকীয়া,চচিয়েল প্ৰটেক্টিভ অফিচাৰ ৰাজতিলক বুঢ়াগোহাঁই,উদয়ন দুৱৰা,সহায়ক ধীৰেন মেচ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ । সন্মিলিত যুৱ সমাজৰ প্ৰতিটো পদক্ষেপত গঠনমূলক দিহা পৰামৰ্শ দিয়া ড• সীমান্ত বৰুৱা,গোলাপ দুৱৰা,লুহিত বুঢ়াগোহাঁই,হৰেণ চেতিয়া,ধৰ্মেন্দ্ৰ চেতিয়া,গজেন কোঁৱৰৰ ওচৰত আমি কৃতজ্ঞ হৈ থাকিম । সন্মিলিত যুৱ সমাজ হাঁহচৰা আৰু গোহাঁই গাওঁ উন্নয়ন সমিতিৰ তৰফৰ পৰা লক্ষ্যহীৰা বড়া,তৃঞ্চা গগৈ,ৰূপান্জ্ঞলি বেজবৰুৱা,অৰুপ পৱন চেতিয়া,ৰন্টু চাংমাই,আনন্দ ভৰালী আৰু পুলিন গগৈক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ বাবে। অনাগত দিনত প্ৰতিটো পদক্ষেপতে ৰাইজৰ সঁহাৰি পাও তাৰে কামনা কৰিলো ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here