হাটশিঙিমাৰীত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনী সন্থাৰ প্ৰতিবাদ

0
146

হাটশিঙিমাৰীত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনী সন্থাৰ প্ৰতিবাদ
দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী, ২০ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী সন্থাৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদস্যৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে আজি পুৱা ১১ বজাৰ পৰা আবেলি ২ বজালৈকে তিনি ঘন্টীয়া কাৰ্যসূচীৰে জিলাখনৰ হাটশিঙিমাৰী উপ-পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা , স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা ৮৭০০/- টকাৰ গ্ৰেড পে ঘুৰাই দিয়া আদিকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী সকলোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত জিলাখনৰ হাটশিঙিমাৰী উপ-পৰিদৰ্শকৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here