হেৰুৱা স্মৃতিৰ সুৱাস বিচাৰি দলগাঁৱত আবেগিক অৰ্দ্ধ শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰী

    1
    110

    হেৰুৱা স্মৃতিৰ সুৱাস বিচাৰি দলগাঁৱত আবেগিক অৰ্দ্ধ শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰী , ৪৪ বছৰে বিছিন্ন হোৱা স্কুলীয়া দিনৰ বন্ধুক লগ পাই হুকহুকাই কান্দি উঠিল বিভিন্ন জনে
    দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১ ফেব্ৰুৱাৰীঃ সম্পূৰ্ণ ৪৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে স্কুলীয়া দিনৰ বন্ধুক লগ পাই চকুলো নিগৰি আহিল অৰ্দ্ধশতাধিক লোকৰ । হয় দেওবাৰে এক স্বৰ্ণীল মূহুৰ্তৰ সাক্ষী হৈ ৰল দৰং জিলাৰ দলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৭ চনৰ দশম শ্ৰেণীৰ ছাত্র ছাত্ৰী সকল । ১৯৭৭ চনলৈকে স্কুলীয়া জীৱন অতিবাহিত কৰা তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত উচ্চ শিক্ষাৰ বাবে দিহিঙে-দিপাঙে গুচি যোৱা আৰু পৰৱৰ্তী সময়ত জীৱন জিৱীকাৰ তাগিদাত বিভিন্ন স্থানত থকা এইসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী দেওবাৰে দলগাঁও বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত এক গোটহৈ হেৰুৱা স্মৃতিৰ সুৱাস বিচাৰি গভীৰ নষ্টালজিত বুৰ গল অৰ্ধশতাধিক । সেই সময়ৰ দলগাঁও হাইস্কুল আৰু বৰ্তমানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা দলগাঁও বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ তপন কুমাৰ হাজৰিকাৰ প্ৰচেষ্টাত ল’ৰালি কালতে বিচিন্ন হোৱা বন্ধু বান্ধৱীক একগোট কৰি এক স্বৰ্ণীল পৰিবেশৰ সুচনা কৰে । পুৱা প্ৰাক্তন ছাত্র ছাত্ৰীৰ পঞ্জীয়নৰে আৰম্ভ হোৱা এই অনুষ্ঠানত হেৰুৱা স্মৃতিৰ সুৱাস লবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা দলগাঁওলৈ প্ৰাক্তন সকলৰ সোঁত বয় । ল’ৰালিটে আঁতৰি যোৱা বন্ধু আজি প্ৰায় ৬০ বছৰ বয়সত ইজনে সিজনক দেখিও চিনি নোপোৱাৰ পিছত পৰিচয় জানি ইজনে সিজনক সাৱটি ধৰি হুকহুকাই কান্দি পেলোৱা ঘটনাই সচাকৈ কৰুণ মূহুৰ্ত আছিল । অনুষ্ঠানত প্ৰাক্তন ছাত্র ছাত্ৰী সকলক জীৱনৰ আদিপাঠ শিকোৱা তথা দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই সময়ৰ চিৰনমস্য শিক্ষা গুৰু সকলক আমন্ত্ৰণ কৰি বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত বিগত প্ৰায় ৪৪ বছৰ কাল একান্তই বন্ধুক লগ পোৱাৰ পিছত তেওঁ লোকৰ অনুভৱবোৰ ব্যক্ত কৰি প্ৰাক্তন সকল গভীৰ আবেগিক হৈ পৰা পৰিলক্ষিত হয় ।

    1 COMMENT

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here