হোজাইত উত্তাল প্ৰতিবাদ , লুৰিণজ্যোতি গগৈৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী

    0
    89

    হোজাইত উত্তাল প্ৰতিবাদ , লুৰিণজ্যোতি গগৈৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী

    ছাদিকুজ জামান ,মোৰাঝাৰ , ২ মাৰ্চ:হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ সমৰ্থক সকলে আজি এক প্ৰতিবাদ সাব্যস্থ কৰে ৷উল্লেখ্য যে,অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু দলৰ জ্যেষ্ঠ নেতা পুলকেশ বৰুৱাৰ ওপৰত বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকাৰ একাংশ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে প্ৰাণঘাতী আক্ৰমণ চলোৱাৰ প্ৰতিবাদত ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী৷প্ৰতিবাদীসকলে বিজেপি বিধায়ক ডেকাসহ আটাইকেইজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে৷প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয় পৰিষদ, জাতীয় মহিলা পৰিষদ, জাতীয় যুৱ শক্তি, জাতীয় সংখ্যালঘু শক্তি, জাতীয় চাহ শক্তি আদি সকলো ভাতৃ-ভগ্নী সংগঠনৰ সদস্যসকল উপস্থিত আছিল ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here