হোজাই জিলাৰ তিনি বিধান সভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ , টিকটৰ বাবে দলৰ শীৰ্ষ নেতাক আকৃষ্ট কৰাৰ প্ৰয়াস

    0
    60

    হোজাই জিলাৰ তিনি বিধান সভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ , টিকটৰ বাবে দলৰ শীৰ্ষ নেতাক আকৃষ্ট কৰাৰ প্ৰয়াস
    ছাদিকুজ জামান , মোৰাঝাৰ ,২৫ ফেব্ৰুৱাৰীঃ-আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱাৰ লগতে হোজাই জিলাৰ ৯০ নং যমুনামুখ বিধান সভা সমষ্টি,৯১ নং হোজাই বিধান সভা সমষ্টি আৰু ৯২ নং লামডিং বিধান সভা সমষ্টিত প্ৰধান বিৰোধী দল কংগ্ৰেছে তৎপৰতা প্ৰদৰ্শ কৰা পৰিলক্ষিত হৈছে। তিনিটা বিধান সভা সমষ্টিত দলটোৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে কেবাজনো নেতা পালিনেতাই। যমুনামুখত বিন্নাকান্দি ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰেহান উদ্দিন, মোৰাঝাৰ জিলা পৰিষদ সমষ্টিৰ সদস্যা ৰেজিয়া চুলতানা, প্ৰবীন কংগ্ৰেছ নেতা মাহমদ হুছেইন,ব্লক কংগ্ৰেছ সভাপতি আব্দুল হান্নান আৰু প্ৰাক্তন কাউন্সিলাৰ সাহাব উদ্দিন মজুমদাৰে দলীয় মনোনয়ন দাখিল কৰা বুলি জানিব পৰা গৈছে। মহাজোঁ‌টত কংগ্ৰেছৰ সৈতে এ আই ইউ ডি এফ দল অন্তৰ্ভূক্ত হোৱাত প্ৰাৰ্থী নিক্ষেপ কৰাৰ আশা ক্ষীন হোৱাৰ পিছতো প্ৰাৰ্থী হবলৈ আশা এৰি দিয়া নাই প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে। ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰেহান উদ্দিন নিজৰ স্থিতিত আঁ‌কোৰগোজ হৈ থকা বুলি জানিব পৰা গৈছে।ইপিনে ৯১ নং হোজাই বিধান সভা সমষ্টিতো সাত জনে দলীয় মনোনয়ন দাখিল কৰিছে। হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দেই দলীয় মনোনয়ন এতিয়ালৈকে দাখিল নকৰাত এই সকলে প্ৰাৰ্থী হবলৈ মন মেলিছে । প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ ভিতৰত উচ্চ শিক্ষিত যুৱ নেতাই প্ৰাৰ্থী হবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। বিশেষকৈ উচ্চ শিক্ষিত ও শংকৰদেৱ জুনিয়ৰ কলেজৰ যুৱ প্ৰৱক্তা সুপ্ৰতিম কৰে প্ৰাৰ্থী হবলৈ মন মেলিছে। সূপ্ৰতিম কৰ এন এছ ইউ আই ,যুৱ কংগ্ৰেছক সমষ্টিটোত নেতৃত্ব দি আহিছে । যুৱ মুখৰ নেতা জনে সকলো সম্প্ৰদায়ৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰাৰ চেষ্টাত অৱতীৰ্ণ হৈছে। ইপিনে প্ৰাক্তন মন্ত্ৰী ডাঃ অৰ্ধেন্দু দেৰ পুত্ৰ অনিৰুদ্ধ দে,ব্যৱসায়ী দেৱব্ৰত সাহা, অৱসৰ প্ৰাপ্ত ডি আই জি কে কে শৰ্মা,মহিলা নেত্ৰী ঝিলী চৌধূৰী,এ পি চি চিৰ সম্পাদক চিত্ত পাল,ধলপুখুৰী ব্লক কংগ্ৰেছৰ সভাপতি শংকৰ মালাকাৰেও দলীয় মনোনয়ন দাখিল কৰে। ৯২ নং লামডিং বিধান সভা সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক স্বপন কৰ, লামডিং ব্লক কংগ্ৰেছৰ সভাপতি বিশ্বজিৎ ৰয় চৌধূৰী, অৱসৰপ্ৰাপ্ত বেংক বিষয়া কাজল চন্দ্ৰ ৰয়, কুকণ শ্বীল,অনুপ সৰকাৰ,চামা পুৰুকায়স্থ ,উৎপল দাসে উক্ত সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে। তিনিওটা বিধান সভা সমষ্টিত কংগ্ৰেছ দলে তৎপৰতা প্ৰদৰ্শন কৰিলেও মহাজোটত অংশীদাৰী হৈ থকা এ আই ইউ ডি এফ ,চি পি আই, চি পি আই(এম),চি পি আই(এম এল) আৰু আঞ্চলিক গণ মৰ্চাৰে বুজাবুজিৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিব।কিয়নো যমুনামুখ খন এ আই ইউ ডি এফ ৰ দখলত থকাৰ লগতে হোজাই আৰু লামডিং সমষ্টি দুখন শাসনাধিষ্ট বিজেপিৰ দখলত আছে। মহাজোটৰ শীৰ্ষ নেতৃত্বই তিনিওটা বিধান সভা সমষ্টি সম্পৰ্কত যৌথ ভাৱে সিদ্বান্ত লব লাগিব বুলি দল কেইটাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে মত প্ৰকাশ কৰিছে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here