হোজাই জিলা প্ৰশাসনৰ উদ্যোগত “বাটৰ নাট” প্ৰদৰ্শন

    0
    67


    হোজাই জিলা প্ৰশাসনৰ উদ্যোগত “বাটৰ নাট” প্ৰদৰ্শন

    ছাদিকুজ জামান ,মোৰাঝাৰ, ৬ মাৰ্চ : আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ সুস্থ ভোটদান প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে হোজাই জিলা প্ৰশাসনৰ অন্তৰ্গত হোজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলেৰ উদ্যোগত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ দ্বাৰা ৫ মাৰ্চ তাৰিখে এখনি “বাটৰ নাট” প্ৰদৰ্শন কৰা হয়। “সুস্থ গণতান্ত্ৰিক দেশ নিৰ্মাণত দেশৰ নাগৰিকৰ কৰণীয় আৰু আমাৰ ভোটৰ মূল্য মূলতঃ এই বিষয়বস্তুৰ ওপৰত আধাৰিত নাটখনিৰ ৰচনা মিণ্টু বৰাৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱৰাজ মিলিৰ তত্ত্বাৱধানত আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক বীণা শইকীয়া, ডঃ মল্লিকা ডেকা, মনীষা শইকীয়া, জোনালী দাস, দিশা দেৱী, লোপামুদ্ৰা গোস্বামীৰ সহযোগত প্ৰদৰ্শিত নাটখনিত অভিনয় কৰে বিশ্ববিদ্যালয়ৰ কস্তুৰীমা দাস, ডিম্পা দেৱী, হৰিপ্ৰিয়া নাথ, সুষ্মা লামা, শিল্পা ফুকন, সুষ্মিতা সুত্ৰধৰ, জেচমিন বেগম, মিৰলৰি হান্সেপি, গডমিন কেম্প্ৰাই, শ্বেতা কুমাৰী, প্ৰীতি ক্ৰপি, মিটন দাস, পৰিতোষ মালাকাৰ, সত্যৰাম গিৰিছা আৰু সৌৰভ দাসে। হোজাই ৰাজহ চক্ৰৰ সংযুক্ত চক্ৰ বিষয়া কৃষ্ণ কিশোৰ চহৰীয়া আৰু ফিল্ড অফিচাৰ সপোনজ্যোতি দেবনাথৰ ব্যৱস্থাপনাত হোজাইৰ বিভিন্ন স্থানত প্ৰদৰ্শিত বাটৰ নাটখনি উপভোগ কৰি হোজাইবাসী ৰাইজে জিলা প্ৰশাসনৰ এনে প্ৰশংসনীয় উদ্যোগৰ শলাগ লয়।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here