হোজাই জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক কাকী অধিৱেশন আৰম্ভ , গ্ৰন্থমেলাত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সহাঁৰি

    0
    114


    হোজাই জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক কাকী অধিৱেশন আৰম্ভ , গ্ৰন্থমেলাত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সহাঁৰি

    ছাদিকুজ জামান , মোৰাঝাৰ , ২৭ ফেব্ৰুৱাৰী: হোজাই জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক কাকী অধিৱেশন আজিৰে পৰা এক উখল মাখল পৰিৱেশৰ মাজেৰে শুভাৰম্ভ হয় ৷ অধিৱেশনৰ আজিৰ কাৰ্যসূচী অনুসৰি পূৱা ৯ বজাত প্ৰতিনিধি পঞ্জীয়ন,৯.৩০ গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে সাহিত্যিক ড’ সাৰদান্দ দেৱ গোশ্বামীয়ে৷ ১০ বজাত ৰামধেনু উপ সমিতিৰ উদ্যোগত কল্পতৰু শীৰ্ষক এক নিৰ্বাচিত কবি,শিল্পী সকলৰ অনুষ্ঠান হৈ যায়৷ ১১ বজাৰ পৰা জিলাৰ আকাশ উপসমিতিৰ সৌজন্যত “ৰীতা বৰা সোঁৱৰণী বিয়ানাম” আৰু “পুষ্পলতা দত্ত সোঁৱৰণী আইনাম” প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।জিলা ভিত্তিত প্ৰতিযোগিতাখনত সমূহত বিভিন্ন শাখাৰ পৰা যোগদান কৰে।অধিৱেশন উপলক্ষে এইবাৰ কাকী চাৰিআলিত দুদিনীয়া গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। গ্ৰন্থমেলাখন সফল কৰাৰ বাবে শাখা সাহিত্য সভাৰ তৰফৰ পৰা সকলোৱে গ্ৰন্থ ক্ৰয় কৰাৰ বাবে অনুৰোধ জনোৱাত গ্ৰন্থমেলাত ছাত্ৰ- ছাত্ৰীৰ ভিৰ হোৱা দেখা যায়। যিহেতু ২০২১ বৰ্ষটো জিলা সভাই গ্ৰন্থ বৰ্ষৰূপে পালন কৰিবলৈ লৈছে সেইহেতুকে সকলোৱে উপহাৰ স্বৰূপে যেন কেৱল গ্ৰন্থকে দিয়ে তাৰবাবেও আহ্বান জনায় জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে । গ্ৰন্থ মেলাথলীত অস্থায়ী মঞ্চত শিশু আৰু কিশোৰ কিশোৰীৰ মাজত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ইপিনে , কাকী কনিষ্ঠ মহাবিদ্যালয়ত শিৱপ্ৰসাদ বৰা সোঁৱৰণী সভাকক্ষত দুটা বৈঠকত প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰা হয়৷কাইলৈ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অধিৱেশনৰ দ্বিতীয়দিনাৰ কাৰ্যসূচীত সকলোৰে উপস্থিতি কামনা কৰিছে আদৰণি সমিতিয়ে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here