৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চাংসাৰি আৰক্ষীৰ গুণ্ডাগিৰিৰ অভিযোগ ছাগলী বেপাৰী আৰু গাড়ীৰ চালকৰ

0
75

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চাংসাৰি আৰক্ষীৰ গুণ্ডাগিৰিৰ অভিযোগ ছাগলী বেপাৰী আৰু গাড়ীৰ চালকৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা ,পঙ্কজ নাথ, চাংসাৰি,৭ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় ঘাইপথত নিশা চাংসাৰি আৰক্ষীৰ গুণ্ডাগিৰিৰ অভিযোগ গাড়ীৰ চালক আৰু ছাগলী বেপাৰীৰ । ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰিত এতিয়া নিশাৰ ভাগত চলে আৰক্ষীৰ গুন্দাগিৰি। নিশা আৰক্ষীৰ তহলদাৰী দলে সাধাৰণ চোৰ ডকাইতক কৰায়ত্ত কৰিব নোৱাৰা চাংসাৰি থানাৰ একাংশ আৰক্ষী দৈনিক নিশা এতিয়া ব্যস্ত গুণ্ডা কৰ তোলাত। যোৱা নিশা ধুবুৰী জিলাৰ পৰা GMCH লৈ কঢ়িয়াই অনা এখন ছাগলী ভৰ্তি AS-25EC/3175 নম্বৰৰ বলেৰ” পিক আপ গাড়ীৰ চালক আৰু ছাগলী বেপাৰীয়ে উঙাইছে চাংসাৰি আৰক্ষীৰ প্ৰকৃত স্বৰূপ । সম্পূৰ্ণ বৈধ চালান থকা এই গাড়ীখন আগচি ধৰি চাংসাৰি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ তুলিলে এই গাড়ীৰ চালক তথা বেপাৰীয়ে । আনকি দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত ছাগলী ব্যৱসায়ী কেইজনৰ ওপৰত চাংসাৰি আৰক্ষীয়ে অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে চালক আৰু ছাগলী বেপাৰীয়ে । অভিযোগ অনুসৰি , আৰক্ষীয়ে বেপাৰী কেইজনৰ লুঙি দাঙি ধন বিচাৰৰ ওপৰিও দীঘল টৰ্চৰে প্ৰহাৰ কৰে ড্ৰইভাৰক । বাৰম্বাৰ বৈধ চালান সমুহ দেখুওৱাৰ পিছতো গুৰুলা গুৰুল প্ৰহাৰ কৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ডকাইত ৰূপী আৰক্ষীয়ে । অবশেষত উপায়ন্তৰ হৈ গাড়ীৰ ড্ৰাইভাৰে মালিকক খবৰ দিয়াত হে ৰক্ষা পৰে বেপাৰী কেইজন । উল্লেখ্য যে , বৃহত্তৰ চাংসাৰি অঞ্চলত দিনে নিশাই অবাধে অবৈধভাৱে চলি থকা চালান বিহীন পাহাৰৰ শিল ৰঙা মাটিৰ ডাম্পাৰক ৰক্ষনাবেক্ষণ দিয়া চাংসাৰি আৰক্ষীয়ে সাধাৰণ ছাগলী বেপাৰীৰ ওপৰত বীৰত্ত্ব দেখুৱা বিষয়টো সহজভাৱে লৱ পৰা নাই সাধাৰণ জনতাই । সেয়েহে ওপৰোক্ত বিষয়সমূহৰ ওপৰত তদন্ত কৰি ও নজৰ দি চাংসাৰি আৰক্ষীৰ একাংশ ঘোচখোৰ আৰক্ষীক নাকী লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নৱনিয়ুক্ত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ লগতে গৃহ বিভাগৰ উচ্চ পদস্থ বিষয়াক আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here