৩৪ নং উত্তৰ অভয়াপুৰীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজন্তা বৰুৱাক উস্ম আদৰণি , একঘেয়ামী ৰাজনীতি এৰি নতুনত্ব বিছাৰিছে নৱ-প্ৰজন্মই- অজন্তা বৰুৱা
দুৰ্নীতিৰ দৰ্পণ, মাণিকপুৰ, ১৩ মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হব লগা বিধানসভা নিৰ্বাচনৰ বাবে ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ঘোষনা হোৱাৰ পিছত ব্যপক উছাহ পৰিলক্ষিত হৈছে দলীয় কৰ্ম কৰ্তাৰ মাজত। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে অজন্তা বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছত শনিবাৰে মাণিকপুৰত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃবৃন্দই উষ্ম আদৰণি জনোৱাৰ লগতে বাইক ৰেলীৰে প্ৰাৰ্থী গৰাকীক আগুৱাই লৈ যায় দলীয় কৰ্মী তথা নেতৃবৃন্দই। প্ৰাৰ্থী গৰাকীয়ে মাণিকপুৰত উপস্থিত হৈ সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে অসম জাতীয় পৰিষদৰ পৰা টিকেট পাই বিনা প্ৰতিদ্বন্দিতাৰে এই সমষ্টিটোত জয়ী হোৱা নিশ্চিত কাৰন অসম জাতীয় পৰিষদ মানে জয় । আমাৰ লগত প্ৰতিদ্বন্দিতা কৰিব পৰা কোনো দল সমষ্টিটোত নাই। বিগত ৩০ টা বছৰে একঘেয়ামী ৰাজনীতিত থকা সমষ্টিটোৰ নৱ প্ৰজন্ম, মহিলা শক্তি আৰু সকলো ৰাইজে পৰিবৰ্তন নহয় নতুনত্ব বিছাৰিছে। সমষ্টিটোৰ ৰাইজৰ সকলো সমস্যা অসম জাতীয় পৰিষদে দূৰ কৰিব বুলি ৰাইজৰ বিশ্বাস আৰু অসম জাতীয় পৰিষদে সমষ্টিটোৰ ৰাইজৰ সকলো সমস্যা দূৰ কৰিব বুলি মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে।

13 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here