ৰঙিয়াত অনুষ্ঠিত ৰাজ্যিক যোগ সন্মিলন

7
174
ৰঙিয়াত অনুষ্ঠিত ৰাজ্যিক যোগ সন্মিলন
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া , ৩১ জানুৱাৰীঃ আজি ৰঙিয়াত অনুষ্ঠিত হয় ৰাজ্যিক যোগ সন্মিলন । ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত হয় এই সন্মিলন। ৰঙিয়া যোগ মহাবিদ্যালয় তথা স্বস্তি হস্পিতালৰ সৌজন্যত আয়োজন কৰা এই সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ যোগগুৰুসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে । সঠিক যোগাভ্যসৰ দ্বাৰাই শৰীৰ নিৰোগী হৈ থকাৰ উপৰিও মন মগজুকো সতেজ কৰি ৰাখে বুলিও উক্ত অনুষ্ঠানত বক্তা সকলে ভাষণ প্ৰসংগত উল্লেখ কৰে । এই অনুষ্ঠানতে কৰ্তৃপক্ষই প্ৰস্তুত কৰা এখন ‘যোগ সুগন্ধি’ নামৰে আলোচনী উন্মোচন কৰা হয়। শিশুৰ লগতে প্ৰাপ্তবয়স্ক সকলৰ যোগৰ অনুশীলন কৰা হয় । এই অনুষ্ঠানত সাধনা যোগ মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতিষ কলিতা, স্বস্তি হস্পিতালৰ স্বত্বাধীকাৰী হিতেন শৰ্মা, স্হানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, মহকুমাধিপতি  লগতে যোগাভ্যাসীসকল, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।

7 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here