ৰঙিয়াত অসম সংগ্ৰামী মঞ্চৰ জিলা তথা সমষ্টি সমিতি গঠন

    0
    125

    ৰঙিয়াত অসম সংগ্ৰামী মঞ্চৰ জিলা তথা সমষ্টি সমিতি গঠন
    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৩० ডিচেম্বৰঃ আজি ৰঙিয়াৰ মাজ মজিয়াত অৱস্থিত কৃষক শ্বহীদ ভৱনত অসম সংগ্ৰামী মঞ্চৰ এখন জিলা আৰু সমষ্টিৰ সমিতি গঠনৰ উদ্দেশ্যে সভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, সামাজিক নেত্ৰী মীৰা বৰঠাকুৰ, সভাপতি দিগন্ত কোৱৰ ,অসম সংগ্ৰামী মঞ্চ ৰঙিয়াৰ নেতা দেৱব্ৰত কলিতাসহ নেতৃবৰ্গ । উল্লেখযোগ্য যে , সাংসদ ভূঞাই সাংবাদিক সকলৰ মুখামুখীহৈ সকলো আঞ্চলিক ৰাজনৈতিক দলক বৰ্তমানলৈ ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাত বৰ্তীহৈ থকা বুলি প্ৰকাশ কৰে আৰু সকলো আঞ্চলিক দল লগ লাগি নিৰ্বাচন জয়ী হোৱাতো এক অলৌকিক কথা বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছ দলৰ নেতৃত্বই আকোৰগোজ মনোভাৱ পৰিহাৰ কৰি বিজেপী বিৰোধী আঞ্চলিক তথা ৰাষ্ট্ৰীয়তাবাদী দল সমূহক একত্ৰিত কৰি কংগ্ৰেছ দলৰ নেতৃত্বই আগভাগ লোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে । আনহাতে , মীৰা বৰঠাকুৰে নৰেন্দ্ৰ মোডী এজন সৰ্বশ্ৰেষ্ঠ অভিনেতা বুলিকৈ মোডীয়ে ইতিমধ্যে অমিতাভ বচ্চনকো চেৰ পেলোৱা বুলি তাচ্ছিল্য কৰি সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হোৱাৰ আহ্বান জনাই তেওলোকে অকল কাঁ ই নহয় , ইয়াৰ বাহিৰেও দেশৰ ৰাজহুৱা সম্পদ্সমূহ নিলামীৰ পৰা বচোৱাও নিৰ্বাচনী ইচ্যু হʼব বুলি জনায় । ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত সভাপতি দিগন্ত কোৱঁৰে প্ৰাক্তন জিলা পৰিষদৰ সভাপতি একালৰ কংগ্ৰেছ তথা অগপ নেতা বৰ্তমানৰ সংগ্ৰামী মঞ্চ ৰঙিয়াৰ নেতা দেৱব্ৰত কলিতা ৰঙিয়া সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব বুলি ষ্পষ্ট কৰে।সভাত প্ৰায় পাচঁ শতাধিক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয় ।