ৰঙিয়াত পেট্ৰʼলজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

0
71

ৰঙিয়াত পেট্ৰʼলজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন,ৰঙিয়া,৬ ফেব্ৰুৱাৰীঃ অভাৱনীয় হাৰত পেট্ৰʼলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ৰঙিয়াত কংগ্ৰেছ দলৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে , ৰাজ্যত পেট্ৰল, ডিজেলৰ মূল্যই এশটকা অতিক্ৰম কৰিছে । আনহাতে , ৰন্ধন গেছৰো আকাশলংঘী মূল্য , ইয়াৰেই প্ৰতিবাদত ৰঙিয়া ব্লক কংগ্ৰেছৰ সদস্য সকলে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে । ৰঙিয়াৰ মাজ মজিয়াত অৱস্থিত GKK পেট্ৰʼল পাম্পৰ সন্মুখত অৱস্থান কৰা ধৰ্মঘটকাৰী সকলে মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাইজে আন্দোলন প্ৰতিবাদ কৰাৰ পিছতো বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ । যাৰ বিৰুদ্ধে পুনৰবাৰ ৰঙিয়া কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । এই কাৰ্যসূচীত কংগ্ৰেছৰ কেবাজনো জেষ্ঠ নেতাকে ধৰি শতাধিক সদস্য উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here