ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰৰ শক্তিখেল প্ৰদৰ্শন ,বিশাল সমদলেৰে মনোনয়নপত্ৰ দাখিল

    0
    42

    ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰৰ শক্তিখেল প্ৰদৰ্শন ,বিশাল সমদলেৰে মনোনয়নপত্ৰ দাখিল
    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া , ১० মাৰ্চ : ৰঙিয়া বিধানসভা সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই শক্তিখেল প্ৰদৰ্শন কৰি আজি দিনৰ ভাগত হাজাৰ হাজাৰ সমৰ্থকক লগতলৈ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুৰ তলত সমবেত হৈ ৰঙিয়া চহৰৰ মাজেৰে বিশাল সমদল বাহিৰ কৰি পদব্ৰজে উপস্থিত হয় ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত থকা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত । লক্ষণীয়ভাবে সকলো বাদ-বিসম্বাদ আতৰাই মহাজোট বন্ধনৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিবলৈ ওলাই আহে মিত্ৰ দল কংগ্ৰেছ,বিপিএফ , এ আই ইউ ডি এফৰ হাজাৰ হাজাৰ সমৰ্থক । আগন্তুক নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক উৎসাত কৰিবলৈ সংকল্প লোৱা বুলি মন্তব্য কৰে মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই আৰু ইয়াৰেই প্ৰতিফলন আজি সমবেত হোৱা সহস্ৰ জনতা । কেৱল মাত্ৰ উন্নয়নৰ শ্লোগানেৰে নিৰ্বাচনী যুদ্ধত অৱৰ্তীৰ্ণ হোৱা বুলিও দোহাৰে ডাঃ ভগৱান মিশ্ৰই । মনোনয়ন পত্ৰ দাখিলৰ সময় চোৱাত তেখেতক সংগ দিয়ে বিপিএফ নেতা মহেশ্বৰ বসুমতাৰী , কংগ্ৰেছ নেতা বিবুলৰ ৰহমান , জেষ্ঠ সাংবাদিক মুকুল কলিতা , বাওপন্থী নেতা বিবেকানন্দ অধিকাৰীসহ একাংশ নেতাই । আনহাতে , আজি একে সময়তে কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাও মনোনয়ন পত্ৰ দাখিলৰ বাবে একাধিক সমৰ্থকসহ উপস্থিত হয় ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত , তেখেতক সংগ দিয়ে সাংসদ ভূৱনেশ্বৰ কলিতা , কমলপুৰৰ প্ৰাক্তন বিধায়ক যাদব দেকা সহ অন্য সমৰ্থকসকলে । ইয়াৰ মাজতেই নিৰ্বাচনী বিধি উলংঘা কৰি দিগন্ত কলিতাই একাধিক সমৰ্থক সহ কাৰ্যালয় চৌহদত প্ৰবেশৰ চেষ্টা চলায় ,প্ৰশাসনৰ বাধা নেওচি নেতাজনে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ ওপৰিও আঙুলিটোৱাই মহকুমা আৰক্ষী বিষয়া গৰাকীৰ লগত দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হয় । এই ঘটনাই কিছুসময় পৰিস্থিতি উত্তপ্ত কৰি ৰাখে যদিও প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here