ৰঙিয়াৰ উপ-কোষাগাৰৰ গাণনিকৰ মৃত্যুত শোক প্ৰকাশ

    0
    91

    ৰঙিয়াৰ উপ-কোষাগাৰৰ গাণনিকৰ মৃত্যুত শোক প্ৰকাশ
    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া , ২৯ জানুৱাৰীঃ ৰঙিয়া উপ-কোষাগাৰ প্ৰাধিকাৰী কাৰ্য্যালয়ৰ গাণনিক কৰ্ণ ৰাম মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে আজি মহকুমাধিপতি শ্ৰী স্বপ্নীল পাল, ভা: প্ৰ: সে: ,ৰ পৌৰহিত্যত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখন শোকসভা অনুষ্ঠিত হয় আৰু সভাত ৰঙিয়া মহকুমাৰ প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনাৰে মৌন প্ৰাৰ্থনা কৰাৰ অন্তত শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি এক শোক প্ৰস্তাব প্ৰেৰণ কৰে । উল্লেখযোগ্য যে , গাণনিক মহন্তই দীৰ্ঘদীন ধৰি অসুখত ভূগি থকা হেতুকে মুম্বাইলৈ উন্নত চিকিৎসাৰ বাবে গৈছিল যদিও ঘূৰি অহাৰ পথতে যোৱা ২৬ জানুৱাৰীত অকাল মৃত্যুক আকোৱালী লৈছিল ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here