ৰঙিয়াৰ কংগ্ৰেছ ভৱনত অনিৰ্দিষ্ট কাললৈ ওলমিল প্ৰকাণ্ড তলা

    0
    67

    ৰঙিয়াৰ কংগ্ৰেছ ভৱনত অনিৰ্দিষ্ট কাললৈ ওলমিল প্ৰকাণ্ড তলা
    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া ,৬ মাৰ্চঃ এসময়ৰ কংগ্ৰেছৰ দুৰ্গ স্বৰূপ ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টি । এই সমষ্টিৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ অলংকৃত কৰিছিল বৰ্তমানৰ বিজেপি সাংসদ ভূৱনেশ্বৰ কলিতাৰ দৰে নেতাই । কিন্তু এইবাৰ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত দলৰ কেন্দীয় নেতৃত্বই কংগ্ৰেছ নেতৃত্বাধীন মহাযোটৰ অন্যতম অংশীদাৰ চিপিআই(এম)ক এৰি দিয়া কাৰ্যক যেন সহজভাৱে লব পৰা নাই সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী সকলে । দীৰ্ঘদিন ধৰি কংগ্ৰেছ কাৰ্যকৰ্তাসকলে এই আখন খন এৰি নিদিবলৈ শীৰ্ষ নেতৃত্বক দাবী জনাই আহিছিল যদিও সুফল নাপালে আৰু অৱশেষত চিপিআই(এম)দলৰ নেতা তথা অঞ্চলটোৰ এজন বিশিষ্ট চিকিৎসক ডাঃ ভগৱান দেৱ মিশ্ৰক ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে । ইয়াকে লৈ কংগ্ৰেছ কৰ্মী সকল ক্ষুব্ধ হৈ পৰে আৰু শুকুৰবাৰে দিনৰ ভাগত ৰঙিয়াৰ মহাত্মাগান্ধী পথত থকা কংগ্ৰেছ ভৱনত তলা ওলমাই দিয়ে । তাৎপৰ্যপূৰ্ণভাবে একাংশ কৰ্মীয়ে প্ৰাক্তন বিধায়ক তথা ঘনশ্যম কলিতাৰ অদক্ষতাৰ বাবে আজি ৰঙিয়া সমষ্টি তেওলোকৰ হাতৰ পৰা ওলাই যোৱা বুলি অভিযোগ কৰে কংগ্ৰেছ দলৰ অন্যতম টিকট প্ৰত্যাশী ৰাজীৱ খানে । আনহাতে , কংগ্ৰেছ দলৰ অন্যতম টিকটৰ দাবীদাৰ ডাঃ নৱ ডেকাও এইক্ষেত্ৰত অসন্তষ্টি প্ৰকাশ কৰে । ইয়াৰোপৰী ভবেশ কলিতাই প্ৰত্যশিতভাবেই বিজেপি দলৰ পৰা টিকট লাভ কৰে।নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত এইদৰে তলা ওলমাই দিয়া কাৰ্যই বিৰোধী পক্ষক স্বাভাবিকতেই লাভান্বিত কৰাৰ সম্ভাৱনা আছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here