ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা

    0
    63

    ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা
    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ,ৰঙিয়া,২৭ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উদিয়ানা পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । চৰকাৰ আহিল আৰু গ’ল কিন্তু কোনোএখন চৰকাৰৰ দৃষ্টি গোচৰ নহ’ল পথটো । পথটোৰে বৃহত্তৰ অঞ্চললৈ মানুহৰ অহা-যোৱাৰ লগতে বৃহত্তৰ উদিয়ানা পিতাম্বৰ হাটবজালীৰ হাজাৰ হাজাৰ লোক তথা বহুকেইখন বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ আহ-যাহ চলে,কিন্তু উক্ত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সমস্যাত ভূগিছে ৰাইজে । অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰি ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বিপদমুক্ত কৰিবলৈ অনুৰোধ জনায়।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here