ৰঙিয়াৰ বিচেন্নালাত ৭২তম শ্ৰী শ্ৰী মহা বিষ্ণুযজ্ঞ মহোৎসৱ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন, ৰঙিয়া,২১ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বিচেন্নালাত যোৱা ১৮ ফেব্ৰুৱাৰী বৃহস্পতি বাৰৰ পৰা ছয় দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭২ তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ উৎযাপন কৰা হৈছে । যজ্ঞ মহোৎসৱ উপলক্ষে হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে । ১৯ ফেব্ৰুৱাৰীত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ৰঙিয়াৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ভক্তপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰে । ২৩ ফেব্ৰুৱাৰী মঙ্গল বাৰে এই যজ্ঞ মহোৎসৱৰ অন্ত পৰিব । সেইদিনাৰ কাৰ্য্যসূচী অনুসৰি দুপৰীয়া ৰাজহুৱা ভোগ আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে । উল্লেখযোগ্য যে , প্ৰতি বছৰে বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোকে আহি এই ৰাজহুৱা ভোগ গ্ৰহণ কৰাৰ উপৰিও নিশা সাংস্কৃতিক সন্ধিয়াৰ বৰ্ণাধ্য কাৰ্যসূচী উপভোগ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here