ৰঙিয়া মহকুমাৰ এখন দলঙৰ জৰাজীৰ্ণ ৰূপে জ্বলাকলা খুৱাইছে জনসাধাৰণক

    0
    62

    ৰঙিয়া মহকুমাৰ এখন দলঙৰ জৰাজীৰ্ণ ৰূপে জ্বলাকলা খুৱাইছে জনসাধাৰণক
    ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন,ৰঙিয়া, ২৮ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ধুহি গাঁও পঞ্চায়তৰ লৰমা-গৌৰহাটী গাঁৱৰ বৰলীয়া নৈৰ ওপৰত থকা এখন দলঙে জ্বলা-কলা খুৱাইছে জনসাধাৰণক । বৰলীয়া আৰু নোনা নৈৰ মাজত প্ৰায় সত্তৰ ঘৰ বসতিৰে এটা চুবুৰী আছে নাম লৰমা-গৌৰহাটী । দুৰ্ভাগ্যজনক কথা এইটো যে, আজিলৈকে চুবুৰীটোৰ ৰাইজে স্বাধীনতাৰ বছৰ বছৰ পিছতো কোনো ধৰণৰ উন্নয়নৰ মুখ নেদেখিলে, বাট-পথৰ অৱস্থা জৰাজীৰ্ণ । সৱাটোকৈ ডাঙৰ কথাটো হ’ল এই চুবুৰীটোলৈ অহা-যোৱা কৰা বৰলীয়া নৈৰ ওপৰত থকা একমাত্ৰ দলংখন আজিলৈ নিৰ্মাণ নহʼল । প্ৰায় বিশ বছৰ পুৰ্বে নিৰ্মাণ কৰা কাঠৰ দলংখনৰ অৱশিষ্টহে ৰৈছে,মেৰামতিৰ অভাৱত দলংখন বৰ্তমান জহি-খহি গৈছে যাৰ বাবে যমৰ-যাতনাত ভূগিবলগীয়া হৈছে গাওঁবাসী । দৈনিক মৰণক শৰণ কৰি নিজেই সাজি লোৱা বাহৰ দলঙখনেৰে পাৰাপৰ হৈ আহিছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, সাধাৰণ জনতাৰ লগতে পশুধন । ৰাইজে স্থানীয় বিধায়ক, বিধায়িকা, নেতা-পালিনেতাৰ লগতে বিভাগীয় কতৃপক্ষক বহুবাৰ আবেদন জনোৱাৰ পিছতো কাৰোৰেই গা-নলৰিল আজি পৰ্য্যন্ত । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বহুবাৰ স্থানীয় বিধায়িকা চুমন হৰিপ্ৰিয়াৰ লগতে বিভাগীয় কতৃপক্ষক দলংখন মেৰামতি কৰি দিবলৈ অনুৰোধ জনাই আহিছে, কিন্তু আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বাহিৰে আজিলৈকে একোৱে ন’হল । স্থানীয় ৰাইজৰ কাটৰ অনুৰোধ , দলংখন সম্পূৰ্ণ নতুনকৈ নকৰিলেও, অন্তত দলংখন মেৰামতি কৰি হলেও ৰাইজক বিপদমুক্ত কৰিবলৈ অনুৰোধ জনায় । অন্যথা গাঁওখনৰ ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত সামুহিক ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here