ৰঙিয়া ৰাজীৱভৱনত কংগ্ৰেছ দলৰ সংবাদমেল

    0
    104

    ৰঙিয়া ৰাজীৱভৱনত কংগ্ৰেছ দলৰ সংবাদমেল
    দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন,৮ ফেব্ৰুৱাৰীঃ ৰঙিয়া ৰাজীৱভৱনত সোমবাৰে কংগ্ৰেছ দলে এখন সংবাদমেলৰ আয়োজন কৰে । ৰঙিয়া নগৰ ব্লক কংগ্ৰেছ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছে আয়োজন কৰা সংবাদমেল খনত ৰঙিয়া নগৰ ব্লক কংগ্ৰেছৰ সভাপতি মূৰতাজ ৰহমান , গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি উদ্বৱ দাস , ৰঙিয়া টাউন মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুমী বেগম, গ্ৰাম্য মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী অঞ্জু বৰুৱা কলিতা , নগৰ ব্লক কংগ্ৰেছৰ উপ সভাপতি পৰমানন্দ কলিতা সহ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে । আজিৰ সংবাদমেল খনত মূলত ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিটো চি পি আই এম দলক এৰি নিদিবলৈ উৰ্ধতন কৰ্তৃপক্ষক দাবী জনায় । উল্লেখযোগ্য যে , যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমত সৰভোগ আৰু ৰঙিয়া সমষ্টি চিপিএম দলক এৰি দিব বুলি বাতৰি প্ৰকাশ পাইছিল। আনহাতে ,কালি চিপিআইএমৰ বৰ্ষীয়ান নেতা হেমেন দাসে মুকলিকৈ ৰঙিয়া সমষ্টিত চিপিএম দলৰ প্ৰাৰ্থী থাকিব বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে । ইয়াৰ পিছতে আজি ৰঙিয়া ব্লক কংগ্ৰেছে সংবাদমেল পাতি নিজৰ ক্ষোভ ব্যক্ত কৰে । তেওলোকে কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনাই কোনো কাৰণত যাতে ৰঙিয়া সমষ্টিটো চি পি আই এম দলক এৰি নিদিয়ে।আনহাতে , সংবাদ মেলখনত ৰঙিয়া গ্ৰাম্য মহিলা ব্লক কংগ্ৰেছৰ সভানেত্ৰী অঞ্জু বৰুৱা কলিতাই ও কেন্দ্ৰীয় নেতৃত্বক ৰঙিয়া সমষ্টিটো চি পি আই এম দলক এৰি নিদি মহিলা প্ৰাৰ্থীক টিকট প্ৰদান কৰিবলৈ আহ্বান জনায় । ৰঙিয়া সমষ্টিত কংগ্ৰেছ দলৰ অন্যতম মহিলা প্ৰাৰ্থী হিচাপে দাবীদাৰ অঞ্জু বৰুৱাই কয় যে , সমষ্টিটোত যদিহে মহিলা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰে , তেনেহলে আগন্তুক বিধান সভা নিৰ্বাচনত ৰঙিয়া সমষ্টিটোত কংগ্ৰেছ দলে জয়ী হোৱাটো এশ শতাংশ নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । মনকৰিবলগীয়া যে , যোৱা কিছুদিন পূৰ্বে কংগ্ৰেছ দলৰ নেতৃত্বত ছয়টা ৰাজনৈতিক দলৰ মাজত মহাজোটবন্ধন গঠন হৈছিল।আগন্তুক নিৰ্বাচনত এই কথাই ৰঙিয়া সমষ্টিত নিশ্চিতভাৱে প্ৰভাৱ পেলাব ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here