কৰ’না মহামাৰীয়ে ম্লান পেলালে ৰঙালীৰ ৰং , ডিগবৈত বিহু মঞ্চত উদযাপন হ’ব লগা বিহুৰ কাৰ্যসূচী বাতিল

3
423

কৰ’না মহামাৰীয়ে ম্লান পেলালে ৰঙালীৰ ৰং , ডিগবৈত বিহু মঞ্চত উদযাপন হ’ব লগা বিহুৰ কাৰ্যসূচী বাতিল , পতাকা উত্তোলন স্মৃতি তৰ্পণ কৰিয়েই সামৰিলে কাৰ্যসূচী

দুৰ্নীতিৰ দৰ্পণ সেৱা,ডিগবৈ,২৪ এপ্ৰিলঃ সমগ্ৰ দেশত কৰ’না দ্বিতীয় ঢৌয়ে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰি মানৱ কোলৰ বাবে বিপজ্জয়ৰ কাৰণ হৈ থিয় দিছে ৷ কৰ’না মহামাৰীয়ে শংসাৰী ৰূপ ধাৰণ কৰাৰ সময়তে অসমীয়াৰ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুৰ আগমণ ৷ চৰকাৰ তথা প্ৰশাসনে নিৰ্ধাৰিত কৰি দিয়া কৰ’নাৰ সকলো নীতি নিয়ম পালন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু উদযাপন ব্যাপক প্ৰস্তুতি চলোৱাৰ যো জা কৰিছিল অসমবাসীয়ে ৷ কিন্ত,সমগ্ৰ ৰাজ্যৰ লগতে তৈলনগৰী ডিগবৈ চহৰতো যোৱা কেইটামান দিনৰ পৰা কৰ’না মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি হোৱাৰ পৰিপেক্ষিতত,উদযাপন হ’ব লগা মঞ্চ বিহু সমুহ বাতিল কৰা পৰিলক্ষিত হৈছে ৷ তৈলনগৰী ডিগবৈ চহৰৰ পাৰ্শ্ব্ উপকন্ঠ বৰজানতো বিগত বৰ্ষসমুহৰ দৰে এইবছৰো ২৪ আৰু ২৫ এপ্ৰিল তাৰিখে দুদিনীয়াকৈ বহু ব্যয়বহুল আয়োজনেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে একাদশ বাৰ্ষিক বৰজান ৰঙালী বিহু উদযাপনৰ বাবে বৃহৎ পেন্ডল আৰু মঞ্চৰ লগতে আন আন আনুসাংগিক সকলো যা যোগৰ সম্পূৰ্ণ কৰাৰ পাচতো কৰ’না মহামাৰীৰ বাবে দুদিনীয়াকৈ অনুস্হিত হ’ব লগা সমুহ কাৰ্যসূচী বাতিল কৰে ৷ তাৰ বিপৰীতে বৰজান ৰঙালী বিহু উদযাপন সন্মিলনীয়ে অনুষ্টুপীয়াকৈ আনুষ্ঠানিকভাবে আজি পুৱাৰ ভাগতে মঞ্চ বিহু উদযাপনস্থলীত পাতাকা উত্তোলন , স্মৃতি তৰ্পণ , বন্তি প্ৰজ্বালন আৰু বিহু সন্মিলন খনিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা “কাকলি” নামৰ স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে ৷ সম্পূৰ্ণ চৰকাৰ তথা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মৰ মাজেৰে বৰজান ৰঙালী বিহু সন্মিলনৰ মূল কেইজনমান বিষয়ববীয়াৰ উপস্থিতিত মুখত মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই কৰ’নাক ৰোধিবলৈ প্ৰয়োজনীয় সমুহ পটক’ল বাহাল ৰাখি আনুষ্ঠানিকতাৰে সামৰণি মাৰে ৷

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here