ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা

0
173

ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা
দুৰ্নীতিৰ দৰ্পণ ,প্ৰতিবেদক ,মনজিৎ দাস , কালজাৰ,বৰপেটা ,২০ জানুৱাৰীঃ বৰপেটাৰ সত্ৰীয়া সংস্কৃতিক বিশেষভাৱে সমৃদ্ধ আৰু মহীয়ান কৰা হোলীগীত আৰু ভোৰতাল নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্যেশ্যৰে বৰপেটাত আৰম্ভ হৈছে হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা ৷ ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত কৰা হৈছে ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা ৷ পিক্সি মুভিজ আৰু একাডেমী অৱ খোলবাদ্যৰ সহযোগত ১১ দিনীয়াকৈ আৰম্ভ হোৱা হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাখন বৰপেটাৰ ৰাখালথানত সোমবাৰে শুভ উদ্বোধন কৰা হয় ৷ সত্ৰনগৰী বৰপেটাৰ ৰাখালথানত অনুষ্ঠিত কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ লগতে ভূদেৱ দাস, কবিন দাসকে ধৰি কেবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ নকুল দাস, বিপুল ওজা, মনোজ কুমাৰ দাস আৰু কবিন দাস আদি শিল্পী সকলে প্ৰশিক্ষণ প্ৰদান কৰিবলগা উক্ত কৰ্মশালাখন ২৮ জানুৱাৰীত সামৰণি পৰিব ৷ কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানত প্ৰশিক্ষক আৰু শিক্ষাৰ্থীসকলে এইদৰে ভাগ ললে হোলীগীতত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here