গণ অধিকাৰত আত্মসন্তুষ্টি

48

গণ অধিকাৰত আত্মসন্তুষ্টি
————————————-
(গীতালি কেওট বৰা)
‘স্বাধীনতা’ ই কেৱল এক শব্দই নহয়, ই মানৱ হৃদয়ৰ এক সুন্দৰ অনুভৱ তথা আত্মসন্তুষ্টি৷ কিন্তু এই সন্তুষ্টিৰ প্ৰাপ্তি কেইজনৰ হৈছে চিন্তা কৰিবলগীয়া বিষয়! আজি আমি নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য হৈ যাওঁ এই বুলি যে, আমি সঁচাকৈ স্বাধীন নে? কিহৰ স্বাধীনতা আছে আমাৰ দৰে সৰ্বসাধাৰণ মানুহৰ! অতি আচৰিত কথা যে জাতিৰ পিতা মহাত্মা গান্ধীয়ে যি অহিংস নীতিৰে সত্য আৰু কৰ্ম সাধনাৰে দেশবাসীৰ মনত জাতীয়তবাদ জগাই তুলি, দেশৰ আকাশে-বতাহে স্বাধীনতাৰ পতাকা উৰুৱাই দিলে, সেই অহিংসাই এতিয়া হিংসাৰ ভয়ত পেপুৱা লাগি থকা অৱস্থাত৷ ‘জাতীয়তাবাদ’ এতিয়া একাংশৰ ব্যক্তিস্বাৰ্থৰ মোহত আৱদ্ধ৷ জাতীয়তাবাদৰ শ্ল’গানেৰেই কিন্তু জাতিৰ উন্নতি, দেশৰ উন্নতি তথা ৰাইজৰ উন্নতিৰ হকে বিভিন্ন ৰাজনৈতিক দল গঠন হৈছে আৰু একো একোটা অস্থায়ী নীতি আদৰ্শৰে গণতান্ত্ৰিক পদ্ধতিৰ মাধ্যমত শাসক, বিৰোধী আদিৰে দেশ তথা ৰাজ্যৰ ‘শাসনতন্ত্ৰ’ পৰিচালিত হৈছে৷ শাসকীয় দলৰ হাতত দেশৰ উন্নতি তথা ৰাজ্যৰ উন্নতি, জনসাধাৰণৰ প্ৰগতিৰ খতিয়ানৰ তালিকাখনেৰে এখন সৰু সুৰা গ্ৰন্থয়েই হ’বগৈ৷ তথাপি জনসাধাৰণৰ মনত ক্ষোভ, সময়ে সময়ে ৰাজপথত আন্দোলন, খেল পথাৰত আন্দোলত, মুকলি ঠাইত আন্দোলন…! ড° ভূপেন হাজৰিকাদেৱে লিখাৰ দৰেই—
“বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে
প্ৰচণ্ড অগ্নিপিণ্ড; জ্বালাময়ী হৈ উৰে
কিয় উৰে?”
মুঠতে য’তে ত’তে শান্তিসমদল, মৌন সমদল, ধৰ্ণা, বিক্ষোভ৷ তাৰ লগে লগে আন্দোলনকাৰীক দমন কৰিবলৈ ৰজাঘৰে নিয়োগ কৰা প্ৰশাসনৰ নেৰা-নেপেৰা৷ ক’বলৈ গ’লে গণতান্ত্ৰিক অধিকাৰত পুলিছৰ লাঠিৰ জোৰ বিদ্যমান৷
সামাজিক মাধ্যমতেই হওক বা কোনো সভাই-সমিতিয়েই হওক শাসকীয় পক্ষৰ বিৰুদ্ধে মুখ মেলিলেই চিধাই চৰকাৰৰ ৰঙাঘৰৰ ভাতমুঠিহে খাবলৈ পোৱাৰ সৌভাগ্য মিলে৷ পৰাগ দাসৰ দৰে অন্যায়-অনীতিৰ বিৰুদ্ধে কলমৰ ভাষাৰে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰা কিমান প্ৰতিবাদীয়ে যে অকালতে প্ৰাণ হেৰুৱাব লগীয়া হ’ল! দীপাঞ্জল দাস, চেম ষ্টফৰ্ডৰ দৰে কত যুৱকে সময়ে সময়ে কত আন্দোলনত শ্বহীদৰ তালিকাত নিজৰ নাম অংকিত কৰিবলৈ সক্ষম হ’ল তাৰ খতিয়ান সময়ে ইতিহাস হৈ দি গৈছে৷ গণতান্ত্ৰিক পদ্ধতি মতে ৰাইজে নিজৰ নাগৰিত্বৰ অধিকাৰ সাব্যস্ত কৰি শাসক, প্ৰতিনিধি আদি নিৰ্বাচন কৰিবলৈ সুবিধা পাইছে; অৰ্থাৎ জনসাধাৰণে গণতান্ত্ৰিক দেশত নিজ নিজ ৰাজ্যত ভোটাধিকাৰ পাইছে৷ জনসাধাৰণৰ বহুমূলীয়া ভোটৰ দ্বাৰাই ৰজা, মন্ত্ৰী, সেনাপতি আদি নিৰ্বাচিত হৈ সিংহাসনত বহিব পাৰিছে, কিন্তু চিন্তনীয় বিষয় যে, ৰাইজে সঁচা অৰ্থৎ নিজৰ বিবেকেৰে সঠিক নিৰ্বাচন কৰিব পাৰিছেনে? এতিয়াতো হিতাধিকাৰীৰ পৰ্বটোৱে একাংশ সাধাৰণ লোকৰ বিবেকত তলা লগাই দিয়াৰ দৰে কৰিলে৷ টকা, চাউল আদি বিভিন্ন লালসা আৰু ভাবুকিৰে একাংশ লোকৰ নিজ নিজ স্বাধীনতাক, চিন্তা কৰা ক্ষমতাক কিনা-বেচা কৰাৰ চেষ্টা কৰা হৈছে৷ বিনিময়ত একাংশ মানুহ অকৰ্মী, পৰনিৰ্ভৰশীল হৈ পৰাৰ বাদে একো হোৱা নাই৷ খাটিখোৱা একাংশ লোকে কষ্ট নকৰাকৈ, দেহৰ চৰ্বী নলৰাকৈ পোৱা কেইটামান টকাৰে জীৱন জিন্দাবাদ বুলি বহি বহি দিন কটাবলৈ আনন্দ পোৱা হৈছে৷
ক’বলৈ গ’লে নিজৰ বিবেক, নিজৰ চিন্তাক, নিজৰ কৰ্ম ক্ষমতাক অচল কৰি কি দৰে একো একোজন অন্য এক পৰাধীনতাৰ শিকলিত বান্ধ খাই পৰিছে, সেয়া ভাবিবলৈকো এতিয়া প্ৰায় সংখ্যকেই অক্ষম হৈ পৰিছে৷ ক্ষমতাৰ লালসাৰ চিকাৰ হ’ব লগা হৈছে সৰ্বসাধাৰণ৷ এই পৰাধীনতাৰ শিকলি কিন্তু নিজেই নিজৰ অধিকাৰেৰে নিৰ্বাচন কৰি পঠিওৱা এচাম নেতা-মন্ত্ৰী-বিধায়কেৰে গঠিত এক গণতান্ত্ৰিক ব্যৱস্থাৰ শিকলি৷ এই ব্যৱস্থাত জনসাধাৰণৰ অধিকাৰ কেৱল নিৰ্বাচনৰ নিৰ্দিষ্ট দিনত ঘণ্টাই ঘণ্টাই শাৰী পাতি ভোটকেইটা দি থৈ অহাতেই সীমাবদ্ধ৷ দেশ তথা ৰাজ্যৰ উন্নতি বুলিবলৈ ৰজা, মন্ত্ৰীসকলৰ দেশে বিদেশে বিভিন্ন সম্পত্তি, বেংক বেলেঞ্চ আদিৰে ৰাজকীয় জীৱন জিন্দাবাদ হৈ আছে বাকী ভাষা-ভাষী, জাতি-ধৰ্মৰ সাম্প্ৰদায়িক বিভেদ, বানপানী, গৰাখনীয়া আদিয়ে সৃষ্টি কৰা কৃষকৰ বেদনা, বেদনা হৈয়েই ৰৈ গৈছে৷ তথাপি ৰাইজৰ মুখত আত্মসন্তুষ্টিৰ প্ৰলাপ৷ সুধাকণ্ঠই কোৱাৰ দৰে—
অমিত সংকল্প
প্ৰতিৰোধৰ পদাঘাতে,
পাশৱিকতাৰ দম্ভৰ
অকালমৃত্যু মাতে;
সুদূৰপ্ৰসাৰী মানৱ সভ্যতাই
প্ৰতি মানৱৰ আগ্নেয়গিৰি আত্মাই
নৱ বিপ্লৱ নিতে গঢ়ে৷