দলীয় স্বাৰ্থতকৈ জনপ্ৰতিনিধিয়ে সামগ্ৰিক উন্নয়ণত মনোনিবেশ কৰক

4

দলীয় স্বাৰ্থতকৈ জনপ্ৰতিনিধিয়ে সামগ্ৰিক উন্নয়ণত মনোনিবেশ কৰক

কুশল হাজৰিকা , বছাগাওঁ ,
উত্তৰ লখিমপুৰ

উন্নয়ণ এটা সামগ্ৰিক শব্দ । এখন দেশ , এটা জাতি , এখন প্ৰদেশৰ উন্নয়ণ বুলিলে ক্ষেত্ৰ ভিত্তিকভাবে একো-একোটা অঞ্চলৰ শিক্ষা , উদ্যোগ , শিল্পকলা ,কুটীৰ শিল্প , কৃষিখণ্ড ,কৃষিজাত উৎপাদিত সামগ্ৰীৰ বজাৰ , ভাষা-সংষ্কৃতি , নিয়োগৰ লগতে মানৱ সুচ্যাংক ইত্যাদি উপাদানৰ উন্নয়ণক সামৰি লোৱা হয় । সম্প্ৰতি আমাৰ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে সকলো ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে । প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ , প্ৰতিশ্ৰুতি দিছে নানা আশাভৰা প্ৰলোভন । ৰাজ্যখনৰ প্ৰেক্ষাপটত স্বাধীনোত্তৰ কালৰে পৰা কোনো এটা ৰাষ্ট্ৰীয় অথবা শাসনাধিষ্ঠ আঞ্চলিক ৰাজনৈতিক দলেই সমস্যাজৰ্জৰ ৰাজ্যখনৰ মৌলিক সমস্যা সমাধানত ব্যৰ্থ হৈছে । সম্প্ৰতি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ণ ভাৰতবৰ্ষৰ আন-আন ৰাজ্যৰ তুলনাত যথেষ্ট তলৰ শাৰীত । কংগ্ৰেছৰ দীঘলীয়া শাসন কালৰে পৰা বৰ্তমান বিজেপি শাসন কালতো ৰাজ্যখনৰ মৌলিক সমস্যা সমাধানত সম্প্ৰতি দলটি ব্যৰ্থ প্ৰমাণিত হৈছে । এই ক্ষেত্ৰত ৰাজনৈতিক দলসমূৰ সুপৰিকল্পিত আঁচনিৰ অভাবেই মূল কাৰণ হিচাবে চিহ্নিত হৈছে । বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনেও কেবল ক্ষমতাৰ খঁকৰ বাবেই সামগ্ৰিক উন্নয়ণলৈ পিঠি দি ৰাজ্যখনৰ জনসাধাৰণৰ ওপৰত হাজাৰ-হাজাৰ কোটি টকাৰ ধাৰৰ বোজা দি প্ৰায় শতাধিক অপ্ৰয়োজনীয় আঁচনি সৃষ্টিৰে লাখ-লাখ হিতাধীকাৰী সৃষ্টি কৰি ভোটাৰৰ সংখ্যা বৃদ্ধি কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । হিতাধীকাৰী সৃষ্টিৰ ক্ষেত্ৰত দলটিয়ে ইতিমধ্যে দীৰ্ঘ সময় শাসনাধিষ্ঠ কংগ্ৰেছ দলৰ সকলো অভিলেখ ভংগ কৰিলে । আনহাতে , শাসনধিষ্ঠ দলটিয়ে নিৰ্বাচনৰ আগত দিয়া ৩০ শতাংশ প্ৰতিশ্ৰুতিও পালন কৰাত ব্যৰ্থ হৈছে । অভিযোগ অনুসৰি , শাসনাধিষ্ঠ দলটিয়ে কভিডোত্তৰ সময়ৰে পৰা বৰ্তমান সময়লৈকে বহু সময়ত জনসাধাৰণৰ স্বাৰ্থতকৈও দলীয় স্বাৰ্থৰ পুৰণৰ প্ৰতি একাধিকবাৰ মনোনিবেশ কৰা দেখা গৈছে , যি পৰিবেশ কংগ্ৰেছৰ আমোলত ২০১৩ ৰ পৰা ১৬ চনৰ নিৰ্বাচনৰ সময়লৈকে হৈছিল । কাৰণ সৈই সময়ত প্ৰতাপী মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দৌৰত দলত অন্তঃকলহ সৃষ্টি কৰি এক প্ৰকাৰ ৰাজ্যপ্ৰশাসনত অচলাৱস্থাৰ সৃষ্টি কৰিছিল । ফলত ৰাজ্যখনৰ শিক্ষা , বাণিজ্য ,কলা-সংষ্কৃতি সকলো ক্ষেত্ৰতৰ উন্নয়ণ স্থবিৰ হৈ পৰিছিল । বৰ্তমানেও ৰাজ্যখনৰ বহু মৌলিক সমস্যা , বানপানী , গৰাখহনীয়া , চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা , নতুন উদ্যোগ স্থাপনৰ লগতে মৃত উদ্যোগ সমূহ উজ্জীৱিত কৰণ , বিদ্যালয়/মহাবিদ্যালয় প্ৰাদেশীকিকৰণ , খোৱা পানীৰ সমস্যা , শীতল ভড়ালৰ/মজুত কৰণৰ ব্যৱস্থা কৰা , নিবনুৱাৰ বদ্ধিত সমস্যা,কুটিৰ শিল্পক আৰ্থিক ভাবে টনকিয়াল কৰা ইত্যাদি সমস্যা সমস্যা হৈয়েই ৰ’ল । এনে প্ৰেক্ষাপটত আগন্তুক বিধান সভা নিৰ্বাচনত নৈতিকতাৰে ভোট বিচৰাৰ অধিকাৰ প্ৰায়কেইটা ৰাজনৈতিক দলেই হেৰুৱাই পেলাইছে । সেয়ে এনে দল বা প্ৰাৰ্থীয়ে যি নিজৰ দলৰ স্বাৰ্থতকৈ সামগ্ৰিক ভাবে ৰাজ্যখনৰ লগতে সমষ্টি উন্নয়ণত নিস্বাৰ্থভাবে প্ৰাধান্য দিব , তেনে দল বা প্ৰাৰ্থীৰ হকেই সচেতন ভোটদাতা ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব ।