নিৰ্বাচন,ষ্ট্ৰংৰোম বনাম ছাত্ৰ-ছাত্ৰী

28

নিৰ্বাচন,ষ্ট্ৰংৰোম বনাম ছাত্ৰ-ছাত্ৰী

কুশল হাজৰিকা
বছাগাওঁ,উত্তৰ লখিমপুৰ
সংসদীয় গণতন্ত্ৰত নিৰ্বাচন অপৰিহাৰ্য্য।ভোটদান হ’ল জনতাৰ ৰায় আৰু এই ৰায়ৰ জৰিয়তে দেশৰ জনসাধাৰণে বিধান মণ্ডলীক ৫ বছৰৰ বাবে কাৰ্য্যপৰিচালনাৰ গধুৰ দায়িত্ব অৰ্পণ কৰে।আমাৰ দেশত প্ৰত্যেক ৫ বছৰৰ অন্তৰে-অন্তৰে দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় ।সমান্তৰালকৈ ৰাজ্যৰ বিধান পৰিষদৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে পঞ্চায়ত আৰু পৌৰ এলেকাৰ বাবে স্থানীয় ভাবে পৌৰ সভা,নগৰ নিগম ইত্যাদি নিৰ্বাচন ৫ বছৰ অথবা উপনিৰ্বাচন সমূহো প্ৰয়োজন অনুসৰি সময়ে-সময়ে অনুষ্ঠিত হয়।এই সকলো প্ৰকাৰৰ নিৰ্বাচনৰ ফলত বিজয়ী প্ৰাৰ্থী সকলে চৰকাৰ গঠন কৰি পৰৱৰ্তী ৫ বছৰৰ বাবে দেশ/ৰাজ্যৰ উন্নয়ণৰ মাপকাঠি নিৰ্ণয় কৰে।এই নিৰ্বাচনসমূহ অনুষ্ঠিত কৰোঁতে নিৰ্বাচন আয়োগে জনসাধাৰণৰ সাধাৰণ জীবন যাত্ৰাত অসুবিধা নোহোৱাকৈ অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰে।আয়োগে নিৰ্বাচনৰ সময়ত জনজীৱনৰ সুৰক্ষা, নিৰ্বাচনত ব্যৱহৃত যান-বাহন ,দায়িত্বশীল নিৰ্বাচনী বিষয়া সকলৰ সুৰক্ষা ইত্যাদি বিষয়ত যথেষ্ট সতৰ্কতা অৱলম্বন কৰে।এই খিনিতে উল্লেখ কৰা ভাল যে নিৰ্বাচনৰ সময়ত প্ৰত্যেক জিলা আৰু মহকুমা অথবা ভৌগলিক ভাবে অসংলগ্ন আৰু নিলগত থকা সমষ্টি সমূহৰ এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰী দীৰ্ঘদিন ধৰি প্ৰত্যক্ষভাবে প্ৰভাবিত হয়;কিয়নো নিৰ্বাচনৰ কিছুদিন পূৰ্বৰে পৰা ভোটগণনাৰ ঠিক পৰৱৰ্তী সময়লৈকে ভোট বাকচ ৰখাৰ বাবে ষ্ট্ৰং ৰোম হিচাবে ব্যৱহাৰ কৰাৰ ফলত সেই বিদ্যালয় সমূহত কটকটীয়া সুৰক্ষা আবেষ্টনীৰে ঘেৰী ৰখা হয়।উক্ত সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ নিয়মীয়া পাঠদান কাৰ্য্য বন্ধ থাকে;যাৰ ফলশ্ৰুতিত ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যায়তনিক দিশৰ লগতে অবিদ্যায়তনিক দিশত যে যথেষ্ট পিছপৰি ৰয় সেই কথা সহজেই অনুমেয়।সেয়ে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জিলা,মহকুমা আৰু প্ৰয়োজন অনুগৰি সমষ্টি স্তৰতো নিৰ্বাচনৰ লগতে আন ৰাজহুৱা উদ্দেশ্যত ব্যৱহাৰ হোৱাকৈ সম্পূৰ্ণ আন্তঃগাঠনিৰে সমৃদ্ধ ষ্ট্ৰং ৰোমৰ প্ৰয়োজনীয়তাক পূৰণ কৰিব পৰাকৈ সুকীয়া গৃহ নিৰ্মাণ কৰে যেন।