প্ৰয়াত পদ্মকান্ত নাথদেৱক সোঁৱৰী জনাও প্ৰণাম

66

প্ৰয়াত পদ্মকান্ত নাথদেৱক সোঁৱৰী জনাও প্ৰণাম
—————————————
ছাদিকুজ জামান

‘শংকৰ আৰু অজান ফকীৰ’ গ্ৰন্থৰ ৰচক পদ্মকান্ত নাথ দেৱ নিৰৱে গুচি গল। থৈ গল কিছু স্মৃতি । সহজ সৰল শান্ত হাঁহিমুখীয়া বহল ব্যক্তিত্বৰ অধিকাৰী নাথ চাৰ সকলোৰে হিয়াৰ আঁমঠু । তেনে এক বহল মনৰ নিৰপেক্ষ চিন্তাৰ চিন্তাবিদৰ বিয়োগ মানে মানৱ জাতিৰ বাবে অপূৰণীয় ক্ষতি । লোক সমাজত যি নীতি নৈতিকতাৰ আদৰ্শ প্ৰদান কৰিলে তেনে এগৰাকী দিগন্তপ্ৰসাৰী প্ৰতিভাধৰ সাহিত্যিক হোজাই সাহিত্য জগতত বিৰল। তেখেত একাধাৰে সাহিত্যিক, শিক্ষক আৰু এজন সংগঠক আছিল। হোজাই জিলাৰ ভিতৰুৱা এখন গাঁও মইনাপথাৰৰ বাসিন্দা|হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতি পদ্মকান্ত নাথ দেৱৰ ২৫ জানুৱাৰী ২০২১ খ্ৰীঃত নিশা গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ এপ’ল হস্পিটেলত বিয়োগ ঘটিছিল । ১৯৪২ চনত জন্ম লাভ কৰি ৭৯ বছৰীয়া প্ৰয়াত নাথে বিগত প্ৰায় পঞ্চাশ বছৰ ধৰি হোজাইৰ সমাজ জীৱনৰ লগত প্ৰত্যক্ষ বাবে জড়িত হৈ আছিল । অসম আন্দোলনৰ এজন সক্ৰিয় কৰ্মী আছিল ৷ প্ৰয়াত নাথে যোগিজান মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে ২০০২ চনত অৱসৰ কৰে । মৃত্যুৰ সময়ত হোজাই জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ লগতে আজমল গ্ৰুপ অফ কলেজৰ শৈক্ষিক পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৭২ চনত হোজাই সাহিত্য সভাৰ অন্যতম প্ৰতিষ্ঠাতা প্ৰয়াত নাথ হোজাই কেন্দ্ৰীয় বিহু সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক,মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, হোজাই কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি হোৱাৰ উপৰিও অসম চৰকাৰৰ পাঠ্য পুথি প্ৰকাশন সমিতিৰ সদস্য পদত কাৰ্যনিৰ্বাহ কৰিছিল । শংকৰ আৰু অজান ফকীৰ নামৰ গ্ৰন্থ প্ৰণয়ন কৰা প্ৰয়াত নাথে ভিন্ন সময়ত অসংখ্য প্ৰবন্ধ ৰচনা কৰি সাহিত্য জগতৰ ভঁৰাল চহকী কৰি থৈ গৈছিল। বৰ্ষটোৰ পহিলা ভাগত হোজাই জিলা সাহিত্য সভাৰ জিলা ভিত্তিক এক কৰ্মশালা যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত আয়োজন কৰা হৈছিল। এই শাখাৰ সম্পাদক হিচাপে মই ৰঙীন চিঠিত তেখেতৰ নাম বৰ বৰ আখৰেৰে লিখিতভাৱে চিঠিত উল্লেখ কৰিছিলো যে , কৰ্মশালা সঞ্চালনা কৰিব পদ্মকান্ত নাথ ছাৰে । এয়া তেখেতৰ মৃত্যুৰ প্ৰাকমুহূৰ্তৰ শেষ কাৰ্যসূচী আছিল ৷ কিন্তু নেদেখা জনৰ বিধান অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে নিয়তিৰ ওচৰত হাৰ মনা নাথ দেৱ গুচি গল । আমাক মাথোন দি গল কিছু আদৰ্শ আৰু মিঠা মিঠা মাতৰ কিছু শব্দ । এইবোৰ কথা আমি বুকুত লৈ শংকৰ আজানৰ পৱিত্ৰ দেশত জীয়াই থকাৰ পণ লব লাগিব । মই নীলবাগান শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ সময়ত সাধাৰণ সভাত চাৰৰ লগত চিনাকি হোৱাৰ সুযোগ লাভ কৰিছিলো । তাৰ পাছতে সাহিত্য সভাৰ কাম কাজৰ লগত জড়িত হৈ কম দিনৰ ভিতৰতে চাৰৰ সৈতে এক সম্পৰ্ক গঢ়ি উঠিছিল । এই গৰাকী ব্যক্তিয়ে নিজৰ অসাধাৰণ পাণ্ডিত্যৰ গুণেৰে অসমীয়া সাহিত্য জগতখনত চিৰ জ্যোতিস্মান হৈ থাকিব। শেষত কও হে মহান আত্মা,হে স্বৰ্গগত পৱিত্ৰ আত্মা,তোমাক জনাও শতকোটি প্ৰণাম।

Total Page Visits: 23 - Today Page Visits: 2