বদৰুদ্দিন মুখ্যমন্ত্ৰী হ’ব !

49

বদৰুদ্দিন মুখ্যমন্ত্ৰী হ’ব !

জমিৰ উদ্দিন তালুকদাৰ

মানুহক আৱেগিক বনাই ক্ষমতাৰ স্বৰ্গসুখ গ্ৰহণ কৰা কলা বিধেই হৈছে ৰাজনীতি ৷ সেয়ে নিৰ্বাচনৰ সময়ত এচাম ধুৰন্ধৰ ৰাজনীতিকে বৰ চতুৰভাৱে মানুহক আৱেগিক কৰি নিজৰ চৰিতাৰ্থ ৰূপায়ন কৰে ৷ বিগত তিনিটা বিধানসভা নিৰ্বাচনৰ দৰে এইবেলিও অসমৰ ৰাজনৈতিক পথাৰখনত এচাম ৰাজনীতিকে বৰ কৌশলেৰে ‘বদৰুদ্দিন মুখ্যমন্ত্ৰী হব’ বুলি এক শ্ল’গান জনমানসত এৰি দিছে ৷ সাংবিধানিক নিয়ম অনুসৰি বিধানসভাৰ নিৰ্বাচিত সদস্যই মুখ্যমন্ত্ৰী গৰাকীক নিৰ্বাচন কৰে ৷ কিন্তু একাংশ ৰাজনৈতিক নেতাৰ বাবে মুখ্যমন্ত্ৰী বনোৱা বৰ সহজ ৷ যেনে ,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা প্ৰসংগতেই কয় , বদৰুদ্দিন মুখ্যমন্ত্ৰী হব ৷ পিছে , নিজে কেতিয়া মুখ্যমন্ত্ৰী হব,সেই কথা নিজেই নাজানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বদৰুদ্দিন মুখ্যমন্ত্ৰী হব , এই খেলখনত এচাম ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ সমানে একাংশ সংবাদ পত্ৰ ,নিউজ চেনেলৰ সম্পাদকো নামি পৰা দেখা গৈছে ৷ অলপতে এটা নিউজ চেনেলে মুখ্যমন্ত্ৰী কোন হব , এই সম্পৰ্কে এক সমীক্ষা চলায় ৷ চেনেলটোত বৰ কৌশলেৰে বদৰুদ্দিন আজমলকো মুখ্যমন্ত্ৰীৰ দৌৰত দেখুৱা হয় ৷ অৱশ্যে এই সম্পৰ্কে মৌলানা বদৰুদ্দিন আজমলে স্পষ্টীকৰণ দি কয়-‘অসমৰ এটা নিৰ্দিষ্ট নিউজ চেনেলে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব , সেই কথাক লৈ এটি অনলাইন সমীক্ষা চলোৱা মোৰ দৃষ্টিগোচৰ হৈছে ৷ চেনেলটোৱে সাম্ভাব্য তালিকাত মোৰ নামো অন্তৰ্ভূক্ত কৰিছে ৷ এ আই ইউ ডি এফ দলে অসমৰ মুখ্যমন্ত্ৰী পদ কেতিয়াও গ্ৰহণ নকৰে বুলি বাৰে বাৰে স্পষ্ট কৰাৰ পিছতো মোৰ নাম সাঙুৰি এনেদৰে কৰা প্ৰচাৰৰ আঁৰত কোনো ৰাজনৈতিক অভিসন্ধি আছে নেকি,মই নাজানো ৷ কিন্তু এই চেগতে মই আকৌ এবাৰ স্পষ্ট কৰি দিব খোজো যে,মুখ্যমন্ত্ৰী হোৱাৰ বাসনা মোৰ নাই ৷ এআইইউডিএফ দলৰ সমৰ্থকসকলৰ প্ৰতি মোৰ স্নেহ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো ৷ লগতে এই কথাও জনাব বিচাৰো,আমাৰ দলে অসমৰ উন্নতি আৰু অসমবাসীৰ ঐক্যত বিশ্বাস কৰে ৷ মহাজোঁটবন্ধনৰ জৰিয়তে আমি সেই কাম কৰিব খোজো ৷ মহাজোঁটৰ চৰকাৰত ৰাইজৰ বিপুল সমৰ্থনৰ বাবেই আমাৰ দল নিশ্চয়কৈ অংশীদাৰ হ’ব ৷ মই নিজে ধুবুৰীবাসীৰ প্ৰতিনিধি হিচাপে মোৰ সমষ্টিৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সেৱা আগবঢ়াই থাকিম ৷ এইদৰে কয় আজমলে ৷ মুখ্যমন্ত্ৰীৰ খেলখনত বদৰুদ্দিন আজমলৰ নামটো বৰ কৌশলেৰে উপস্থাপন কৰা হয় ৷ আজমল মুখ্যমন্ত্ৰী হৈ যাব বুলি কৈ অসমৰ বৃহত্তৰ সমাজখনৰ মনত এক ভীতিৰ সঞ্চাৰ কৰি অহা হৈছে ৷ এইবাৰো সেই একেই খেল আৰম্ভ হৈছে ৷ খেলখনত সংবাদ পত্ৰ,চেনেলক ব্যৱহাৰ কৰা হৈছে ৷ সেয়া কিমান উচিত হৈছে,পাঠক আৰু দৰ্শকে নিৰ্ধাৰণ কৰিব ৷ এই সমগ্ৰ খেলখনৰ আঁৰত এজন চতুৰ খেলুৱৈ আছে ৷ সেইজনে মুখ্যমন্ত্ৰী হবলৈ কিমান যে কি কৰা নাই ? ৫৭ জন বিধায়কৰ চহী লৈ দিল্লী-দিছপুৰ কৰিও,নাটক-বিসম্বাদ কৰিও মুখ্যমন্ত্ৰী হব পৰা নাই ৷ একেই মানুহজনে বা তেওঁৰে আদৰ্শৰ নেতাই মাত্ৰ ১৪ জন বিধায়ক থকা বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী বনায় ৷ অসম বিজেপিৰ প্ৰায়বোৰ নেতাৰ মুখত অসমৰ উন্নয়নৰ কথা,জাতিধ্বংসী কা আন্দোলনৰ কথা,নিবনুৱা সমস্যা, বান-খহনীয়া সমস্যা,অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্গী মূল্যবৃদ্ধিৰ প্ৰসংগতকৈ বদৰুদ্দিনৰ নাম বেছি ওলায় ৷ একাংশইতো মন্ত্ৰ জপাদি বদৰুদ্দিনৰ নাম জপে ৷ একেদৰে ৰাষ্ট্ৰীয় নেতাৰ মুখতো বদৰুদ্দিনৰ নাম ৷ অৱশ্যে আমাৰ দৰে ৰস পোৱা মানুহে অসমৰ এটা ৰাজনৈতিক দলৰ নেতাৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ৰ শীৰ্ষ নেতাৰ মুখত শুনিবলৈ পোৱাটো গৌৰৱৰ বিষয় বুলি ভাবো ৷ অসমতো যে এজন নেতা আছে , যাক ৰাষ্ট্ৰৰ শীৰ্ষ নেতায়ো জানে ৷ বদৰুদ্দিন মুখ্যমন্ত্ৰী হৈ যাব ! এই কথাবোৰ বিজেপিৰ নেতাবোৰে বেছিকৈ প্ৰচাৰ কৰিছে ৷ বিজেপিৰ নেতা সকললৈ প্ৰশ্ন ? ১০০+ আসনৰ দাবী কৰা দল এটাই বদৰুদ্দিনক মুখ্যমন্ত্ৰী বনাব নেকি ? সৰ্বানন্দ সোনোৱাল,হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহয় নেকি ? নে তেওঁলোক নিজৰ দলতে এলাগি হল ? বদৰুদ্দিন মুখ্যমন্ত্ৰী হব ! এই দাবী বিজেপিৰ প্ৰায়বোৰ নেতাৰ ৷ এতিয়া প্ৰশ্ন হয় ,বিজেপি দল শাসনলৈ আহিলে মুখ্যমন্ত্ৰী কোন হব ? সৰ্বানন্দ সোনোৱাল নে হিমন্ত বিশ্ব শৰ্মা ? কাৰণ,বিজেপিৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন, এই বিষয়ে মুখ নুখোলে বিজেপিৰেই নেতাই ৷ আনকি হিমন্ত-সৰ্বায়ো ৷ অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা বিজেপিৰ কোনো এজন শীৰ্ষ নেতাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব,সেই বিষয়ে মুখ খোলা নাই ৷ নিজৰ দলৰ মুখ্যমন্ত্ৰী কোন হব,সেই বিষয়ে নজনা বিজেপিৰ নেতাই কৈ দিব পাৰে বদৰুদ্দিন মুখ্যমন্ত্ৰী হব ৷ আটাইতকৈ ডাঙৰ কথাটো হল,বদৰুদ্দিনক দিছপুৰত প্ৰৱেশত বাধা দিয়াৰ কথা কোৱা হিমন্তৰ দল বিজেপিয়ে আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলে প্ৰাৰ্থিত্ব আগবঢ়োৱা যমুনামুখ সমষ্টিত কোনো প্ৰাৰ্থীয়েই দিয়া নাই ৷ এয়া বিজেপিৰ নেতাসকলৰ প্ৰচাৰ আৰু বাস্তৱৰ ৰূপ ৷ নিৰ্বাচনৰ সময়ত নেতাই মানুহক বুৰ্বক বনাই পাঁচ বছৰৰ বাবে ৰাজভোগ দখলৰ সপোন ৰচে ৷ তাৰ বাবে নেতাই যে কিমান নাটক কৰে ৷ সেই নাটকত সাধাৰণ জনতাই ভৰি দিব নালাগে ৷