“যুৱ উশৃংখলতাৰ কাৰণ আৰু নিৰ্মূল কৰাৰ ক্ষেত্ৰত অভিভাৱক, সমাজৰ দায়িত্ব আৰু কৰ্তব্য”

1
157
“যুৱ উশৃংখলতাৰ কাৰণ আৰু নিৰ্মূল কৰাৰ ক্ষেত্ৰত অভিভাৱক, সমাজৰ দায়িত্ব আৰু কৰ্তব্য”

গোপাল কৃষ্ণ বাঢ়ৈ,টীয়ক
সাম্প্ৰতিক সময়ত সমাজৰ এটা চৰ্চিত বিষয় হৈছে “যুৱ উশৃংখলতা ।” যুৱ উশৃংখলতা বুলি ক’লে সাধাৰণতে যুৱক সকলে বাটে-পথে হাই-উৰুমি কৰি ফুৰা , বাইক-স্কুটি লৈ অত-পালি কৰা , মদ-ভাঙ , চিগাৰেট আদি মাদক দ্ৰব্য সেৱন কৰি পৰিৱশ বিনষ্ট কৰা , ভাওনাত , থিয়েটাৰত কাজিয়া কৰা , ৰাষ্টাই-পদুলিয়ে ছোৱালি জোকোৰা , জেষ্ঠজনক সন্মান নকৰা,পিতৃ-মাতৃক সন্মান নকৰা , ঘৰত বিশৃখল পৰিৱেশ সৃষ্টি কৰা আদি কাৰ্যসমূহৰ কথাকে বহুতে ক’ব বিচাৰে । প্ৰাণিধানযোগ্য যে , যুৱ সকলৰ এই সমাজ বিৰোধী আচৰণ সমূহ প্ৰকাশ পোৱা দেখা যায় প্ৰায় ১৫ বছৰৰ পৰা ২০,২২ বছৰ পৰ্যন্ত । সি সময়ত তেওঁলোকৰ শাৰিৰীক আৰু মানসিক পৰিৱৰ্তন হয় । যুৱ উশৃংখলতাৰ কাৰণ পৰ্যৱেশন কৰিলে প্ৰথমে পৰিৱেশৰ কথা ক’ব
পাৰি ৷ কোনো ধৰণৰ বৌদ্ধিক চিন্তা নকৰা , আলাপ আলোচনা নকৰা , পিতৃ-মাতৃৰ মাজত সদায় হাই-কাজিয়া হৈ থকা পৰিৱেশত ডাঙৰ হোৱা শিশু এটাৰ চৰিত্ৰও তেনেদৰেই গঢ় লৈ উঠা দেখা যায় । গ্ৰামাঞ্চলত দেখা বহু পৰিয়ালত
 পিতৃ-মাতৃয়ে সন্তানৰ আগত কি কৰিব লাগে , কি কৰিব নালাগে , কি কথা ক’ব লাগে বা নালাগে একো নাজানে । তদুপৰি ওচৰৰ বিশৃংখল পৰিৱেশৰ কাৰণেও যুৱক সকল উশৃংখল হৈ পৰা দেখা যায় ৷ দ্বিতীয়তে অসৎ সঙ্গত পৰিও বহু কিশোৰ বিপথে পৰিচালিত হৈ উশৃংখল হোৱা দেখা যায় । এনে বহু উদাহৰণ দেখিছোঁ মেট্ৰিক পাছ কৰাৰ আগলৈকে নম্ৰ-ভদ্ৰ ল’ৰা এটাও কেতিয়াবা কলেজলৈ যোৱাৰ পৰা চৰিত্ৰৰ সলনি হৈ যোৱা । সেয়া কেৱল কলেজত লগ পোৱা সঙ্গৰ বাবেই হয় । সেয়ে কলেজত সদায় ভাল সঙ্গ তেওঁলোকে বিচাৰি ল’ব জানিব লাগে । তৃতীয়তে সৰুৰে পৰা পিতৃ-মাতৃৰ অত্যাধিক মৰমৰ বাবেই কিছুমান ল’ৰা-ছোৱালি শেষত গৈ মাক-দেউতাকত মূৰৰ ওপৰত উঠেগৈ , কালৈকো ভয় নকৰা হয় আৰু গুৰু-গোঁসাই নমনা হয় । আকৌ উপযুক্ত চৰিত্ৰ পাঠ আৰু জ্ঞানৰ অভাৱ অভাৱত যুৱক সকল উশৃংখল হোৱা দেখা যায় ৷ সাম্প্ৰতিক সময়ত দেখা যায় যে এনে কিছুমান বিদ্যালয় আছে য’ত কেৱল পুথিগত শিক্ষাৰ বাহিৰে কোনো ধৰণৰ চৰিত্ৰ পাঠৰ শিক্ষা দিয়া নহয় । যদিও বৰ্তমান বিদ্যালয়ত চৰিত্ৰ পাঠ নাই । মই ভাবোঁ শিক্ষকে শ্ৰেণীকোঠাৰ কিতাপৰ কথাবোৰৰ ওপৰিও জীৱনত কামত অহা ভাল ভাল কথা কিছুমান কোৱা উচিত । বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় কিছুমানতে কেৱল নম্বৰ আহৰণৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা হয় । ফলস্বৰুপে ছাত্ৰ-ছাত্ৰী সকল বঞ্চিত হয় প্ৰকৃত জ্ঞান লাভৰ পৰা । পিছলৈ এনে ছাত্ৰ-ছাত্ৰী সকল উশৃংখল হোৱা মই নিজেও প্ৰত্যক্ষ কৰিছোঁ । এই কাৰণ সমূহৰ ওপৰিও যুৱ উশৃংখলতাৰ বিভিন্ন কাৰণ আছে । কিন্তু এতিয়া কথা হ’ল আমাৰ দায়িত্ব কি ? আমি ভাবোঁ ইয়াক নিৰ্মূল কৰিবৰ বাবে নিৰক্ষৰ অভিভাৱক সকলক লৈ কিছুমান সচেতনতামূলক সভা পাতিব পাৰোঁ । য’ত তেওঁলোকক সন্তান সকলৰ প্ৰতি ল’ব লগা সচেতনতা সম্পৰ্কে সচেতন কৰিব পাৰোঁ । শিক্ষক সকলে বিদ্যালয়ত হোৱা বিভিন্ন সভা সমূহত তেওঁলোকৰ মন সলনি কৰিব পৰা বক্তা মাতি আনিব লাগে ।বহু সময়ত দেখা যায় বহু উশৃংখল যুৱকৰ মন হৰ্ঠাৎ সলনি হৈ যায় আৰু সৎ পথলৈ আহে । পৰাপক্ষত তেওঁলোকক সমালোচনা কৰাতকৈ তেওঁলোকৰ প্ৰতি সহানুভূতিশীল হৈ মৰমেৰে বুজাব লাগে । সচেতন কৰিব লাগে জীৱনটোৰ প্ৰতি । বুজাব লাগে জীৱনটো কি । তেওঁলোকক বুজাব লাগে যে তেওঁলোক সমাজৰ বাবে একো-একোজন গুৰুত্বপূৰ্ণ মানুহ । সৰুৰে পৰা শিশু সকলক আধ্যাত্মিক জ্ঞান দিব লাগে । ঈশ্বৰ বিশ্বাসী কৰিবলৈ চেষ্টা কৰিব লাগে ।সৰুৰে পৰা সন্ধিয়া প্ৰাৰ্থনা কৰা অভ্যাস গঢ়ি তুলিব লাগে ৷ তদুপৰি কিতাপ পঢ়াৰ অভ্যাস গঢ়িব লাগে । অত্যাধিক মৰম আৰু অত্যাধিক শাসন দুয়োটা বেয়া । সেইদৰে অবাধ স্বাধীনতা কেতিয়াও দিব নালাগে ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here