শাৰদীয় দুৰ্গাপূজাৰ উৎস আৰু পৰম্পৰা , এক আলোকপাত

0
101
শাৰদীয় দুৰ্গাপূজাৰ উৎস আৰু পৰম্পৰা , এক আলোকপাত
বিকাশ শৰ্মা

বেবেজীয়া, নগাঁও ( অসম )
ফোন- ৯৭০৭৬০৭১০০
বিশ্বব্ৰহ্মাণ্ড এক শক্তিৰ আধাৰ। শক্তি অবিহনে জগতখন জড় পদাৰ্থৰূপে গণ্য হয়। অগ্নিৰ দহন শক্তি, বতাহৰ গতি, জলৰ শীতলতাকো এক অৰ্থত শক্তি বুলিব পাৰি। চাৰ জন উডৰফে (Sir John Woodroffe) তেখেতৰ ‘SHAKTI AND SHAKTA’ শীৰ্ষক গ্ৰন্থখনিত ‘শক্তি’ সম্পৰ্কে লিখিছে – “There is no word of wider content in any language than this Sanskrit term (Shakti) meaning ‘Power’.” (Chapter:-II)। এই শক্তি আৰু শিৱ অভিন্ন। চৈতন্যময় পদাৰ্থই শিৱ আৰু শিৱক যিয়ে চৈতন্যময় কৰি ৰাখে তেৱেই শক্তি। শক্তিহীন হ’লে শিৱও শৱবৎ। সেয়ে, শিৱ আৰু শক্তি পৃথকভাৱে চিন্তিত হ’লেও বস্তুতঃ অভিন্ন। শিৱ-শক্তিৰ এই সম্পৰ্ক ড০ সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ ভাষাত, “শক্তিতত্ত্ব বা শিৱতত্ব পৰস্পৰে অন্বিত। শিৱ-শক্তিৰ সহযোগতহে শৈৱ বা শক্তিতত্ত্বই পূৰ্ণতা লাভ কৰে।” শিৱৰ লগত সংযুক্ত এই মহাশক্তিৰে এক অভিব্যক্তি হৈছে দেৱী দুৰ্গা । সনাতন ধৰ্মশাস্ত্ৰত দুৰ্গা নামটোৰ ব্যাখ্যা এনেদৰে কৰা হৈছে ‘দ’ আখৰে দৈত্যনাশক, ‘উ-কাৰ’ বিঘ্ননাশক, ‘ৰেফ’ ৰোগ নাশক, ‘গ’ আখৰ পাপনাশক  ‘আ-কাৰ’ শত্ৰুনাশক। অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ, ভয়, শত্ৰু আদিৰ পৰা যিয়ে ৰক্ষা কৰে তেওঁকেই ‘দুৰ্গা’ বোলা হয়। মাৰ্কণ্ডেয় পুৰাণোক্ত শ্ৰীশ্ৰীচণ্ডীত দেৱীয়ে নিজেই কৈছে যে দুৰ্গম নামৰ অসুৰক বধ কৰি তেওঁ দুৰ্গা নামেৰে বিখ্যাত হ’ব—
“তত্ৰৈব চ বধিষ্যামি দুৰ্গমাখ্যং মহাসুৰম ।
দুৰ্গাদেৱীতি বিখ্যাতং তন্মে নাম ভবিষ্যাতি ।।৫০”
       মাৰ্কণ্ডেয় পুৰাণকে প্ৰমুখ্য কৰি বিভিন্ন পুৰাণ উপ-পুৰাণ আৰু অনেক তন্ত্ৰশাস্ত্ৰত দেৱী দুৰ্গাৰ বিভিন্ন ৰূপৰ বৰ্ণনা উপলব্ধ। কিন্তু, দুৰ্গা বুলি ক’লে সাধাৰণতে দশভূজা মহিষমৰ্দ্দিনী ৰূপেই আমাৰ মানসপটত ভাঁহি আহে। এই ৰূপৰ  আৱিৰ্ভাৱ সম্পৰ্কে একোটা আখ্যান শ্ৰীশ্ৰীমাৰ্কণ্ডেয় চণ্ডীত উপলব্ধ। এবাৰ মহিষাসুৰ নামৰ এক দৈত্যই দেৱতাসকলক পৰাজিত কৰি স্বৰ্গৰ সিংহাসন দখল কৰিলে।ইয়াৰ প্ৰতিকাৰৰ আশাত দেৱতাসকল ব্ৰহ্মা-বিষ্ণু-মহেশৰ ওচৰত উপস্থিত হৈ নিজৰ দুৰ্দশা আৰু অসুৰৰ অত্যাচাৰৰ কাহিনী বৰ্ণনা কৰিলে আৰু তেওঁলোকৰ শৰণাপন্ন হ’ল। অসুৰসকলৰ এই অন্যায় আচৰণৰ কথা  শুনি ত্ৰিদেৱ ক্ৰুদ্ধান্বিত হ’ল আৰু তেওঁলোকৰ বদনৰ পৰা এক মহৎ তেজ বা মহাজ্যোতি নিৰ্গত হ’ব ধৰিলে। পিছত ইন্দ্ৰাদি দেৱতাসকলৰ পৰাও জ্যোতি (তেজ) নিৰ্গত হ’বলৈ ধৰিলে। এই সকলো জ্যোতি বা ৰক্তস্ৰোত একলগ হৈ তাৰ পৰা এগৰাকী জ্যোতিময়ী নাৰীমূৰ্ত্তিৰ আৱিৰ্ভাৱ হ’ল। এওঁয়েই দেৱী দুৰ্গা। বিভিন্ন দেৱতা তেজ (জ্যোতি)ৰ পৰা দেৱীৰ বিভিন্ন অংগ গঠিত হ’ল। সকলো দেৱতাৰ তেজ একত্ৰিত হোৱা বাবে দেৱী দুৰ্গাৰ পূজা কৰিলেই সকলো দেৱতা পূজিত হয় বুলি শাক্তসকলৰ মাজত প্ৰচলিত হৈ আছে। এই দেৱীগৰাকী (দুৰ্গা) আৱিৰ্ভাৱ হোৱা পিছত সকলো দেৱতাই কিদৰে তেওঁক বিভিন্ন অস্ত্ৰ-শস্ত্ৰ, আভূষণ, বাহন আদি প্ৰদান কৰিছিল তাৰ এক বহল বৰ্ণনা শ্ৰীশ্ৰীচণ্ডীত (২/২০-৩২) পোৱা যায়। এইগৰাকী দেৱীয়েই মহিষাসুৰক বধ কৰি মহিষমৰ্দ্দিনী নামেৰে জগতপূজ্য হৈ আছে। ব্ৰহ্মবৈৱৰ্ত পুৰাণোক্ত বৰ্ণনা অনুসৰি দুৰ্গাপূজাৰ প্ৰথম প্ৰবৰ্তক কৃষ্ণ, দ্বিতীয়বাৰ দুৰ্গাপূজা কৰে স্বয়ং ব্ৰহ্মাই আৰু তৃতীয়বাৰ দুৰ্গাপূজাৰ আয়োজন কৰে মহাদেৱে। ভূতলত সৰ্বপ্ৰথমে দেৱী দুৰ্গাৰ পূজা মাৰ্কণ্ডেয় পুৰাণ, ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ আদিৰ মতে মেধা মুণিৰ উপদেশ মৰ্মে সুৰথ ৰজা আৰু সমাধি বৈশ্যই বসন্ত কালত সমাপন কৰে। শাৰদীয় দুৰ্গাপূজাৰ আৰম্ভণি প্ৰসংগত ৰামচন্দ্ৰৰ ৰাৱণ বধৰ কামনাৰে শৰৎ কালত দুৰ্গাপূজা কৰা হৈছিল বুলি জনা যায়। যিহেতু আদিতে এই পূজাভাগি ৰামৰ বিজয়াকাঙ্খা কৰি অনুষ্ঠিত হৈছিল সেয়ে শাৰদীয় দুৰ্গাপূজাক কাম্যপূজা আখ্যা দিয়া হয়। মনকৰিবলগীয়া কথা যে, ৰাৱণ বধৰ প্ৰয়োজনত ৰামে বা আন কোনোৱে দেৱীপূজা কৰা কথাটো মূল বাল্মীকি কৃত ৰামায়ণত উপলব্ধ নহয়। অৱশ্যে কালিকাপুৰাণ, বৃহদ্ধৰ্মপুৰাণ আদিয়ে ৰামৰ বিজয় কামনা কৰি ব্ৰহ্মাদেৱ প্ৰমুখ্যে দেৱতাসকলে দুৰ্গাপূজা কৰাৰ কথা বৃস্তিতভাৱে বৰ্ণনা কৰিছে। তদুপৰি ৰামে নিজে দুৰ্গাপূজা কৰাৰ ইংগীত দেৱী ভাগৱত (৯/১/১৪৫-১৪৬) আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণে (২/১/১৫১-১৫২) একে সুৰতে ডাঙি ধৰিছে –
“পূজিতা সুৰথেনাদৌ দুৰ্গা দুৰ্গতিনাশিনী ।
দ্বিতীয়া ৰাম চন্দ্ৰেণ ৰাৱণস্য বধাৰ্থিনা ।।”
       এইসমূহ পুৰাণ উপ-পুৰাণোক্ত বৰ্ণনাৰ আলম লৈয়ে বঙ্গৰ কবি কৃৰ্ত্তিবাসে তেওঁৰ অনুদিত বঙালী ৰামায়ণত ৰামে শৰতকালত দেৱী পূজা কৰিছিল বুলি বহলাই লিখিছে বুলি বেদ-বাচস্পতি অধ্যাপক ড০ থানেশ্বৰ শৰ্মাদেৱে মত পোষণ কৰিছে।এতিয়া আহোঁ অসমত দুৰ্গাপূজাৰ প্ৰাচীনতাৰ প্ৰসংগলৈ। এতিয়াৰ অসম অসম বা পুৰণি কামৰূপেই হৈছে বহুজন পণ্ডিতৰ মতে তান্ত্ৰিকতাৰ উদ্ভৱস্থান আৰু শক্তিবাদৰ প্ৰাণকেন্দ্ৰ। শক্তিৰ অন্যতম অভিব্যক্তি ভগৱতী দুৰ্গাদেৱীৰ পূজাও ইতিহাসে ধুকি নোপোৱা কালৰে অসম ৰাজ্যত প্ৰচলিত হৈ আহিছে তাৰ সাক্ষ্য অসমৰ বিভিন্ন স্থানত আবিস্কৃত দেৱীদুৰ্গাৰ মূৰ্ত্তিসমূহে বহন কৰে। আমি নিজে দৰ্শনাৰ্থে নগাওঁ জিলাৰ কলিয়াবৰৰ হাতীমূৰা দেৱালয়লৈ যাওঁতে দেৱালয়ৰ গৰ্ভগৃহত থকা দশভূজা দুৰ্গাদেৱীৰ মহিষমৰ্দ্দিনী ৰূপৰ বিগ্ৰহভাগ দেখিছোঁ আৰু এই বিগ্ৰহভাগ ইতিহাসবিদ Dr. H. V. Sreenivasa Murthy, ড০ বিৰিঞ্চিকুমাৰ বৰুৱা, ঁকনকলাল বৰুৱা আদি পণ্ডিত গৱেষকসকলে নৱম-দশম শতিকাৰ বুলিছে। ঁকনকলাল বৰুৱাদেৱে তেখেতৰ Early History Of Kamrupa শীৰ্ষক গ্ৰন্থখনিৰ সপ্তম অধ্যায়ত শিলত কটা কেইটামান দুৰ্গামুৰ্ত্তিৰ কথা উল্লেখ কৰিছে আৰু সেইসমূহ খৃষ্টীয় ৭ম কি ৮ম শতিকাত খোদিত বুলি তেওঁ অনুমান কৰিছে। তদুপৰি পুৰণি অসমৰ কেইবাভাগো প্ৰাক-আহোম যুগীয় দশভূজা দুৰ্গা দেৱীৰ ধাতৱ প্ৰতিমা সম্পৰ্কে ড০ নাৰায়ণ দাসদেৱে ‘অসমৰ সংস্কৃতি কোষ’ শীৰ্ষক গ্ৰন্থখনিত উল্লেখ কৰিছে।  এই দেৱীক্ষেত্ৰ কামৰূপতে ড০ হৰিনাথ শৰ্মা দলৈৰ মতে একাদশ শতিকামানতে ৰচিত হৈছিল প্ৰসিদ্ধ উপ-পুৰাণ কালিকা-পুৰাণখনি। এতিয়া মন কৰিবলগা কথাটো হ’ল সমগ্ৰ ভাৰতবৰ্ষত অদ্যাৱধি প্ৰচলিত দেৱীদুৰ্গাৰ দশভূজা মহিষমৰ্দ্দিনী মূৰ্ত্তিৰ অৱয়ৱ কীৰ্ত্তিত ধ্যানমন্ত্ৰ কালিকাপুৰাণৰ ৫৯ তম অধ্যায়ৰ। তদুপৰি কালিকাপুৰাণৰ ষষ্ঠিতম অধ্যায়ত শাৰদীয় দুৰ্গোৎসৱৰ কৰণীয় সম্পৰ্কে এনেদৰে পোৱা যায় – “বোধনান্তে সপ্তমী তিথিত পত্ৰিকা পূজা, অষ্টমীত উপবাস আৰু নৱমীত বিধিমতে পূজা, জাগৰণ আৰু বলিদান কৰিব লাগে। দশমীত ক্ৰিয়া, কৌতুক আৰু মংগলাচাৰণ কৰি দেৱীক বিসৰ্জ্জন দিব লাগে।” ইয়াৰ বাহিৰেও কালিকাপুৰাণৰ ৬০ আৰু ৬১তম অধ্যায়ত শাৰদীয় দুৰ্গাপূজাৰ কৰণীয় আৰু ইয়াৰ ফল সম্পৰ্কে সবিস্তাৰে বৰ্ণনা পোৱা যায়। ওপৰোক্ত এই তথ্যসমূহে প্ৰমাণ কৰে যে বহু পুৰণি কালৰে পৰা অসমত নিত্যভাৱে দুৰ্গাপূজা আৰু শাৰদীয় দুৰ্গাপূজাৰ প্ৰচলন আছিল।
              বহুজনে আকৌ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজ্বত্ব কালত (১৬১১-১৬৪৯ খৃঃ) মৰঙ্গিয়াল খনিকৰৰ দ্বাৰা নিৰ্মিত মৃণ্ময় মূৰ্ত্তিৰ পূজাকে অসমৰ প্ৰথম শাৰদীয় দুৰ্গাপূজা আখ্যা দিয়ে। অৱশ্যে এয়া অসমৰ প্ৰথম মৃণ্ময় দুৰ্গা মূৰ্ত্তিৰ পূজাহে, প্ৰথম শাৰদীয় দুৰ্গা পূজা নহয়। স্বৰ্গীয় হৰকান্ত বৰুৱা সদৰামিন ৰচিত ‘আসাম বুৰঞ্জী’ত (পৃঃ- ৬৬, ৬৭) কোচৰাজ্যত বন্দীৰূপে থকা সোন্দৰ গোহাঞিৰ মুখত কোচবিহাৰত দুৰ্গোৎসৱত মৃণ্ময় প্ৰতিমা পূজা কৰা কথা শুণি স্বৰ্গদেউয়ে তেনে প্ৰতিমা কৰিবৰ বাবে মৰঙ্গিয়াল খনিকৰক পঠাই অচিৰ কালতে শিকাই আনি আহোম ৰাজ্যটো মাটিৰ প্ৰতিমাত দুৰ্গাপূজা কৰাৰ কথা পোৱা যায় আৰু তেতিয়াৰে পৰা অসমত (আহোম শাসিত) মৃণ্ময় মূৰ্ত্তিত দুৰ্গাপূজা আৰম্ভ হৈছিল। এয়াই প্ৰাপ্ত তথ্য অনুসৰি অসমত মৃণ্ময় দুৰ্গামূৰ্ত্তিপূজাৰ আটি-গুৰি।
       শাৰদীয় দুৰ্গোৎসৱভাগ বিভিন্ন পুৰাণ-উপ-পুৰাণোক্ত বৰ্ণনাৰ ভিত্তিত ৰচিত পূজা বিধি বা পূজা পদ্ধতিৰ দ্বাৰা সমাপন কৰা হয়। আমাৰ হাতত উপলব্ধ তেনে পূজা বিধি কেইখনমান হৈছে- বৃহন্নন্দিকেশ্বৰ পুৰাণোক্ত দুৰ্গোৎসৱ পদ্ধতি, কালিকা পুৰাণোক্ত দুৰ্গোৎসৱ পদ্ধতি, দেৱীপুৰাণোক্ত দুৰ্গাপূজা পদ্ধতি, স্মাৰ্ত্তসন্মত দুৰ্গোৎসৱ, আৰু দুৰ্গাভক্তি তৰঙ্গিনীসন্মতঃ দুৰ্গাপূজা পদ্ধতি। এই সমূহৰ ওপৰিও আন কেইবাখনো পূজাবিধি আমাৰ সমাজত প্ৰচলিত। এই বিভিন্ন পুৰাণোক্ত বিধি সমূহৰ ব্যতিৰেকেও অসমৰ কাৰণে প্ৰাচীন কামৰূপীয় বিধি আছে। এই বিধিখনি আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ অনুৰোধত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত অসমলৈ অহা তন্ত্ৰজ্ঞ সাধক ৰামকৃষ্ণ ন্যায়বাগীশে সংকলন কৰিছিল। ‘দুৰ্গাচ্চামণিমঞ্জৰী’ (দুৰ্গাৰ্চ্চন পদ্ধতি) নামৰ এই বিধিখনি আন বিধি বা পূজা-পদ্ধতিৰ তুলনাত যথেষ্ট ব্যাপক। বৰ্তমানেও অসমৰ প্ৰায় সকলো প্ৰাচীন শক্তিপীঠৰ লগতে পুৰণি দুৰ্গাপূজা সমূহতো এই বিধি ব্যৱহাৰ কৰা হয়। এই বিধিখনি বৰ্তমান পৰমাচাৰ্য্য ঁগঙ্গানাথ দেৱশৰ্মা শাস্ত্ৰি-স্মৃতিৰত্নাগমবাগীশ দেৱে সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়াইছে। এই বিধিখনৰ ওপৰত মূলতঃ ভিত্তি কৰিয়েই আমি শাৰদীয় দুৰ্গাপূজাৰ আচাৰ অনুষ্ঠানৰ বিষয়ে কিছু আলোকপাত কৰাৰ প্ৰয়াস কৰিম।
       বোধন শাৰদীয় দুৰ্গাপূজাৰ প্ৰথম আৰু অবিচ্ছেদ্য অংগ। বছৰটো সূৰ্য্যৰ গতি অনুসৰি উত্তৰায়ণ আৰু দক্ষিণায়ণ দ্বিধা বিভক্ত। মাঘৰ পৰা আহাৰলৈ এই সময়চোৱা উত্তৰায়ণ আৰু শাওণৰ পৰা পুহলৈ এই সময়চোৱাক দক্ষিণায়ণ বোলা হয়। হিন্দুসকলৰ ধৰ্মবিশ্বাস অনুসৰি উত্তৰায়ণ কালছোৱাক দেৱতাসকলৰ দিন আৰু দক্ষিণায়ণৰ কালছোৱাক দেৱতাৰ ৰাতি বুলি ধৰা হয়। উত্তৰায়ণ কালছোৱাত দেৱতাসকল জাগ্ৰত অৱস্থাত থাকে, গতিকে উত্তৰায়ণ কালত অনুষ্ঠিত বাসন্তী পূজাত বোধনৰ প্ৰয়োজনীয়তা নাই। আনহাতে শাৰদীয় দুৰ্গোৎসৱ দক্ষিণায়ণ কালত অৰ্থাৎ দেৱতাসকলৰ শয়ন কালত অনুষ্ঠিত হয় বাবে বোধনৰ প্ৰয়োজন হয়। পূৰ্বতে ৰামচন্দ্ৰৰ প্ৰতি অনুগ্ৰহ কৰি ৰাৱন বধৰ নিমিত্তে নিশাভাগতে ব্ৰহ্মাদেৱে দেৱীৰ বোধন কৰিছিল বুলি কালিকাপুৰাণৰ ষষ্ঠিতম অধ্যায়ত পোৱা যায়-
“ৰামাস্যানুগ্ৰহাৰ্থায় ৰাৱণস্য বৰ্ধাৰ্থায় চ।
ৰাত্ৰাৱেৱ মহাদেৱী ব্ৰহ্মণা বোধিতা পুৰা।।”
    – কালিকাপুৰাণ ৬০/২৪
       দেৱীৰ বোধনৰ পিছত ষষ্ঠীৰ দিনাই সন্ধ্যা ভগৱতীৰ অধিৱাসাদি কাৰ্যও সম্পন্ন কৰা হয়।
       সপ্তমীৰ দিনা স্বস্তিবাচনাদি বিহিত কৰ্মৰ অন্ততঃ নৱপত্ৰিকাৰ স্নান স্থাপনাদি সম্পন্ন কৰা হয়। এই নৱপত্ৰিকাই নবিধ পত্ৰৰ লগতে নজোপা উদ্ভিদক সূচাই। এই নৱপত্ৰিকা নৱ-দুৰ্গাৰ প্ৰতিকী ৰূপ। সেয়ে এই নৱপত্ৰিকাৰ অধিষ্ঠাত্ৰী দেৱীসকল হৈছে- ১/ কলগছ-ব্ৰহ্মাণী ২/ ডালিম-ৰক্তদন্তিকা ৩/ ধান-লক্ষ্মী ৪/ হালধী-দুৰ্গা ৫/ মানকচু-চামুণ্ডা ৬/ কচু-কালিকা ৭/ বেল-শিৱানী ৮/ অশোক-শোকৰহিতা ৯/ জয়ন্তী-কাৰ্তিকী। সপ্তমীৰ দিনা পুৱাই নৱপত্ৰিকাক স্নান কৰাই চামুণ্ডাৰূপত ধ্যান কৰি এজোপা সপত্ৰ কলগছৰ সৈতে বাকী আঠবিধ উদ্ভিদৰ ডাল একত্ৰিত কৰি এজোৰা বেলৰ সৈতে অপৰাজিতা লতাৰে বান্ধি ৰঙা পাৰী থকা শাৰীৰে বা ৰক্তবস্ত্ৰেৰে মেৰিয়াই দেৱীদুৰ্গাৰ সোঁফালে গণেশৰ কাষত স্থাপন কৰা হয়।
       নৱপত্ৰিকাৰ স্থাপনৰ পাছত সপ্তমীৰ দিনা ভগৱতীৰ বিগ্ৰহত প্ৰাণ-প্ৰতিষ্ঠা, চক্ষুদান, মহাস্নান আদি সমাপনৰ অন্তত ভগৱতীৰ বিভিন্ন উপাচাৰেৰে পূজা কৰা হয়। শাৰদীয় দুৰ্গাপূজাত দুৰ্গাদেৱীৰ ওপৰিও লক্ষ্মী-সৰস্বতী, গণেশ-কাৰ্তিক, মহিষাসুৰৰ লগতে তেওঁলোকৰ বাহন আৰু ভগৱতীৰ অস্ত্ৰ-শস্ত্ৰাদিৰো পূজা কৰা হয়। উল্লেখ্য যে দেৱী দুৰ্গাৰ মূল পূজাৰ অন্তত নৱপত্ৰিকাত নৱপত্ৰিকাৰ অধিষ্ঠাত্ৰী প্ৰতিগৰাকী দেৱীকে ধ্যানমন্ত্ৰেৰে নানা উপাচাৰেৰে পূজা কৰা হয়।
       মহাষ্টমীৰ দিনা নিত্যক্ৰিয়াৰ অন্তত ভগৱতীক পুৰোহিতে দন্তকাষ্ঠ (দাতোন) আগবঢ়াই। তাৰ পিছত পঞ্চদেৱতাদিৰ পূজাৰ অন্তত মহামায়াক বিধিগতভাৱে মহাস্নান কৰা হয়। স্নানৰ পিছত ভগৱতীক সপ্তমীৰ দিনাৰ দৰে নানা উপাচাৰেৰে পূজা কৰা হয়। অষ্টমীৰ দিনা সপ্তমীৰ পূজাসমূহৰ ওপৰিও চতুঃষষ্ঠি (৬৪) যোগিনীপূজা, ব্ৰহ্মণ্যাদি মাতৃপূজা আদিও সমাপন কৰা হয়। এইসমূহৰ ব্যতিৰেকেও মহাষ্টমীৰ মহানিশা কোনো-কোনো ঠাইত ‘অৰ্ধৰাত্ৰি পূজা’ নামে এক বিশেষ পূজাও সমাপন কৰা হয়।
দুৰ্গাপূজাৰ অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত (প্ৰায় ৪৮ মিনিট সময় ব্যাপী) দেৱীৰ এক বিশেষ পূজা অনুষ্ঠিত হয়। এই পূজাভাগকেই সন্ধিপূজা বোলা হয়। ড০ নাৰায়ণ দাসদেৱে ‘অসমৰ সংস্কৃতি-কোষ’ শীৰ্ষক গ্ৰন্থত বৃহদ্ধৰ্ম পুৰাণোক্ত এটি আখ্যানৰ পৰা সন্ধিপূজা সম্বন্ধে এনেদৰে উল্লেখ কৰিছে, “আহিন মাহৰ কৃষ্ণা নৱমী তিথিত ৰাৱণ বধৰ কাৰণে স্বয়ং ব্ৰহ্মাই দেৱীক বোধন কৰিছিল। দেৱী জাগ্ৰত হৈ ৰাক্ষস নিধনৰ বৰ প্ৰদান কৰে। দেৱীৰ বৰত কৃষ্ণা নৱমীত কুম্ভকৰ্ণ, ত্ৰয়োদশী তিথিত অতিকায়, অমাবস্যাৰ ঘোৰ নিশা মেঘনাদ আদি আৰু শুক্লা সপ্তমী তিথিত দেৱী ৰামৰ অস্ত্ৰত প্ৰবেশ কৰাৰ অন্তত অষ্টমীত ৰাম-ৰাৱণৰ মহাসংগ্ৰাম হ’ব। অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত ৰাৱণৰ শিৰচ্ছেদ হ’ব আৰু সেই শিৰ পুনৰবাৰ সংযোজিত হ’লেও নৱমী তিথিতেই দশানন নিধন হ’ব। দেৱীৰ বৰ অনুযায়ী ৰামে ৰাৱণৰ অষ্টমী নৱমীৰ সন্ধিক্ষণত দশমুণ্ড ছেদন কৰা গুণে দেৱীয়ে কৈছে যে অষ্টমী-নৱমীৰ সন্ধিক্ষণৰ পূজাৰ মহাত্ম্য বেছি।”(পৃঃ- ৫৯৬)
মহানৱমীৰ পূজা মহাষ্টমীৰ অনুৰূপ। মহাষ্টমীৰ পূজাসমূহৰ ওপৰিও মহানৱমী পূজাত কুমাৰী-পূজা, হোম, বলিদান আদিও সম্পন্ন কৰা হয়। মহানৱমীৰ এই আটাইকেইটা অংগৰ ভিতৰত কুমাৰী পূজাৰ প্ৰসিদ্ধিয়েই ভক্তসকলৰ মাজত সৰ্বাধিক। তন্ত্ৰ আৰু পুৰাণসমূহে কুমাৰী পূজাৰ মহত্ব বিভিন্ন ধৰণে বৰ্ণনা কৰিছে। যোগিনীতন্ত্ৰৰ পূৰ্ব্বখণ্ডৰ সপ্তদশ পটলত এইসম্পৰ্কে এক বহল বৰ্ণনা পোৱা যায়। এবছৰীয়াৰ পৰা আৰম্ভ কৰি ষোড়শ বছৰীয়ালৈকে অপুষ্পিতা কন্যাকে কুমাৰীৰূপে পূজা কৰিবলৈ শাস্ত্ৰই বিধান দিছে। এই ষোল্লগৰাকী কুমাৰীৰ বিভিন্ন নামৰ লগতে তেওঁলোকৰ সুকীয়া ধ্যানমন্ত্ৰও পোৱা যায়।
 উল্লেখ্য যে কামাখ্যাদি পীঠত মহানৱমীৰ দিনা ‘ত্ৰিশূলিনী পূজা’ আৰু ‘মাতৃচক্ৰৰ পূজা’ নামৰ আন দুভাগ বিশেষ পূজাও সমাপন কৰা হয়। মহাপীঠ কামাখ্যাত সমাপন কৰা এই পূজা দুভাগৰ বিষয়ে শ্ৰীযুত মহেন্দ্ৰ নাথ ভট্টাচাৰ্য্যদেৱে তেখেতৰ ‘শ্ৰীশ্ৰী ঁকামাখ্যা-তীৰ্থ’ শীৰ্ষক গ্ৰন্থখনিত লিখিছে, “নৱমী পূজাৰ দিনা দোকমোকালিতে ত্ৰিশূলিনী পূজা কৰিহে নৱমী পূজা আৰম্ভ কৰা হয়। এই পূজা বলিঘৰৰ পঠা-কটা শালৰ আগত সম্পাদিত হয়। সেইদিনাই সায়াহ্ন পূজাৰ পিছত পঞ্চৰত্ন মন্দিৰত মাতৃচক্ৰৰ পূজা কৰা হয়।” এইদুভাগ পূজাৰ কৰ্মপদ্ধতিৰ বৰ্ণনা আমাৰ হাতত থকা পূজা-বিধিসমূহৰ ভিতৰত কেৱল মাত্ৰ কৃষ্ণৰাম ন্যায়বাগীশকৃত কামৰূপীয় বিধিখনিত হে পোৱা যায়।
ওপৰোক্ত পূজাসমূহৰ ওপৰিও প্ৰায় সকলো দুৰ্গাপূজাতেই সপ্তমীৰ পৰা নৱমীলৈ ভগৱতীৰ সন্ধ্যা-আৰতি সমাপন কৰা হয়।
দশমীৰ দিনা দেৱীৰ নিত্য পূজাৰ অন্তত দেৱীক বিসৰ্জ্জন দিয়া হয় আৰু বিসৰ্জ্জনৰ অন্তত অপৰাজিতা পূজা কৰা হয়। এই পূজা ঈশান কোণত অষ্টদলপদ্ম অংকন কৰি তাৰ ওপৰত অপৰাজিতা লতা স্থাপন কৰি ইয়াৰ ওপৰত তিল, কুশ, ফলসহ জলপূৰ্ণ ঘট প্ৰতিষ্ঠা কৰি তাত সঙ্কল্প গ্ৰহণ কৰি সম্পাদন কৰা হয়। দুৰ্গাৰ আন এক নাম ‘অপৰাজিতা’ৰ নামৰ সৈতে সাদৃশ্য থকাৰ বাবেই অপৰাজিতা লতাক পূজা কৰা হয় বুলি কোনো কোনো লোকে ক’ব খোজে।
অপৰাজিতা পূজাৰ পিছত সাধাৰণতে শাৰদীয় দুৰ্গাপূজাৰ অন্ত পৰে। আমাৰ এই বিষয়টো অতি সংক্ষিপ্তভাৱেহে শাৰদীয় দুৰ্গোৎসৱৰ কৰণীয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে। বহুক্ষেত্ৰত বিস্তৃত আলোচনাৰ হাবিআস থকাৰ স্বত্তেও কলেবৰ বৃদ্ধিৰ আশংকাত সেই লোভ সামৰিব সামৰিব লগা হৈছে। নিজৰ খেয়াল-খুচি আৰু অনুভূতিৰ তাগিদাত যথাসাধ্যে, যথাজ্ঞানে শাৰদীয় দুৰ্গোৎসৱ সম্পৰ্কে কিছু কথা ডাঙি ধৰিছোঁ। আশা কৰিছো পাঠকসকলে আমাৰ সদ্দিচ্ছাক বুজি পাব আৰু আদৰি ল’ব।
বিকাশ শৰ্মা
বেবেজীয়া, নগাঁও ( অসম )
ফোন- ৯৭০৭৬০৭১০০

LEAVE A REPLY

Please enter your comment!
Please enter your name here