আজি পাঠশালাত অসম পুতলা নাচ শিল্পী সমাৰোহ ,উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস

94

আজি পাঠশালাত অসম পুতলা নাচ শিল্পী সমাৰোহ ,উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস
দুৰ্নীতিৰ দৰ্পণ সেৱা , বজালীৰ পৰা ৰাজীৱ চৌধুৰী ,৩১ জানুৱাৰীঃ আজি ৰাতিপূৱাতে পাঠশালা নাট্যমন্দিৰৰ আন্ত: গাঁথনি উন্নয়ন আৰু নিৰ্মান কাৰ্যৰ শুভাৰম্ভনি কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। তাৰ পিছত আজাদ ভৱনত অনুষ্ঠিত হোৱা অসম পুতলা নাচ শিল্পী সমাৰোহত উপস্থিত হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পুতলা নাচ শিল্পীৰ পুতলা নাচ উপভোগ কৰি শিল্পী সকলৰ লগত কিছু কথা বতৰা হয় আৰু এই পুতলা নাচক জীয়াই ৰাখিবলৈ আহ্বান জনায়। তাৰ পিছত সভাত অংশগ্ৰহণ কৰি পুতলা নাচৰ প্ৰসাৰ আৰু প্রচাৰৰ ক্ষেত্ৰত চিন্তা চৰ্চাৰ কথা উল্লেখ কৰে আৰু পুতলা নাচক ভৱিষ্যতে ৰাইজৰ মাজত জীয়াই ৰখাৰ পৰিকল্পনা কৰাৰ ও আশ্বাস প্ৰদান কৰে। উল্লেখ যোগ্য যে ,আজি উক্ত অনুষ্ঠানত একেলগে বিশিষ্ট কন্ঠ শিল্পী তৰালী শৰ্মা আৰু আৰু আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় ও উপস্থিত থাকে ৷ আজাদ ভৱন প্ৰাংগনত আজি সু সজ্জিত ভাৱে সজাই থোৱা হল নানা ৰঙী পুতলা । ৰণজিৎ কুমাৰ দাসক আজি ওচৰত পাই শিল্পী সকলে পুতলা নাচ ও প্ৰদৰ্শন কৰে । স্বাভাৱিকতে আজি অসমৰ পুতলা নাচৰ শিল্পী সকলে এনেদৰে ৰাজহুৱা সম্বৰ্ধনা লাভ কৰি আপ্লুত হৈ পৰে।