এই চৰকাৰেই প্ৰথম চৰকাৰ , যি সকলোকে সন্মান দিছে,মৰ্যাদা দিছে :মুখ্য মন্ত্ৰী সোনোৱাল

83

এই চৰকাৰেই প্ৰথম চৰকাৰ , যি সকলোকে সন্মান দিছে,মৰ্যাদা দিছে :মুখ্য মন্ত্ৰী সোনোৱাল

দুৰ্নীতিৰ দৰ্পণ সেৱা ,সন্তোষ ফুকন , তিনিচুকীয়া ,২১ ফেব্ৰুৱাৰীঃ তিনিচুকীয়াই প্ৰগতিৰ ক্ষেত্ৰত যোগ্যতাৰে আগবাঢ়িছে । তিনিচুকীয়া চহৰ জাকত জিলিকা চহৰ হৈ উঠিব । এই মন্তব্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ । আজি মুখ্য মন্ত্ৰী গৰাকীয়ে তিনিচুকীয়াৰ বৰদলৈ নগৰত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে নিৰ্মাণ কৰি উলিওৱা সাংস্কৃতিক কেন্দ্ৰটো উদ্বোধন কৰি দিয়া ৰাজহুৱা বক্তব্যত এই মন্তব্য কৰে । মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰসঙ্গত কয় “বি জে পি চৰকাৰে ঐতিহ্যৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছে । প্ৰধান মন্ত্ৰীৰ সপোন বাস্তবত ৰূপ দিবলৈ ৰাজ্য চৰকাৰে কাম কৰিছে । এখন আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ চৰকাৰে কাৰ্যসূচী ৰূপায়িত কৰিছে । এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ ক্ষেত্ৰত তিনিচুকীয়াই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে । বি জে পিৰ চৰকাৰৰ দিনত অসমৰ সকলো জনগোষ্ঠীয়ে মৰ্যাদাসহকাৰে বাস কৰিব পাৰিছে। ১৯৫২ চনৰ পৰা বি জে পি চৰকাৰখনেই প্ৰথম চৰকাৰ যি সকলোকে সন্মান দিছে,মৰ্যাদা দিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ৭.৯৮ কোটী টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা অত্যাধুনিক সাংস্কৃতিক কেন্দ্ৰটোত আছে এটা শীত তাপ নিয়ন্ত্ৰিত অতিথিশালা,কমিউনিটি হল,ৰঙ্গমঞ্চ,প্ৰশিক্ষণ কেন্দ্ৰ আদি । তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে ২.২৯ কোটী টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা ট্ৰাক আস্থান এটাও মুখ্য মন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰে । নগৰ আন্তঃগাঠনি পুঁজিৰ ২ কোটী টকা ব্যয়েৰে কচুজান খেল পথাৰত নিৰ্মাণ কৰিব লগীয়া আটকধুনীয়া পেভলিয়ন আৰু চাহ জনজাতি কল্যাণ বিভাগৰ দ্বাৰা মহাকালীত ১০৯৬.০৭ লাখ টকাৰে নিৰ্মাণ হব লগীয়া ক্ৰীড়া একাডেমীৰো আধাৰ শিলা স্থাপন কৰে মুখ্য মন্ত্ৰী সোনোৱালে । এই সভাত অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিশানে বক্তব্য দাঙি ধৰি তেওঁৰ কাৰ্যকালত তিনিচুকীয়াৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে ।এই সভাত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা,ডিগবৈৰ বিধায়ক সুৰেণ ফুকন,উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোঁহাই,বি জে পিৰ উপ সভাপতি পুলক গোঁহাই,এ পি ডি চি এলৰ পৰিচালন সঞ্চালক এ সিং উপস্থিত থাকে ।