“কা” বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ গণ সংযোগ অভিযান ,”কা”ৰ বিৰোধীতা নগঞা সাহিত্যিক-শিক্ষাবিদৰ

74

“কা” বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ গণ সংযোগ অভিযান ,”কা”ৰ বিৰোধীতা নগঞা সাহিত্যিক-শিক্ষাবিদৰ
ৱাহিদুদ জামান , নগাঁও , ১৯ ফেব্ৰুৱাৰী: জাতি ধ্বংসী ‘কা’ৰ বিৰুদ্ধে আজি নগাঁৱত কংগ্ৰেছ দলে গণ সংযোগ কাৰ্যসূচী ৰূপায়ন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ “অসম বচাও” শীৰ্ষক কাৰ্যসূচীৰ অংশ ৰূপে আজি কংগ্ৰেছ দলে এই কাৰ্যসূচী ৰূপায়ন কৰে। নগাঁও কলেজ চকত এই কাৰ্যসূচী ৰূপায়ন কৰি কংগ্ৰেছ দলে ‘কা’ বিৰোধী শ্ল’গান থকা গামোচা প্ৰদৰ্শন কৰি সেই গামোচাত সচেতন ৰাইজৰ স্বাক্ষৰ গ্ৰহণ কৰি ‘কা’ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সমাজ আৰু বিভিন্ন স্তৰৰ নাগৰিকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে ‘কা’ আমি নামানো, “কা” বাতিল হ’বই লাগিব আদি বিভিন্ন ধ্বনি দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাৰ নেতৃত্বত কংগ্ৰেছ দলে “কা” বিৰুদ্ধে গণ সংযোগ কাৰ্যসূচী ৰূপায়ন কৰি শীঘ্ৰে “কা” বাতিল কৰিবলৈ দাবী জনাই। কংগ্ৰেছ দলে “কা”ৰ তীব্ৰ বিৰোধিতা কৰিব বুলি মন্তব্য কৰি কংগ্ৰেছৰ নেতা কৰ্মী সকলে অসমবাসী ৰাইজক “কা” ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাই। ইপিনে আজি পুৱাৰ ভাগত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ এটা সজাতি দলে নগাঁৱৰ বিশিষ্ট সাহিত্যিক ড° খৰ্গেশ্বৰ ভূঞা, গল্পকাৰ শিৱানন্দ কাকতি, কবি ডা° প্ৰয়াগ শইকীয়া আৰু শিক্ষাবিদ মুকুল শইকীয়াকে ধৰি কেইবাজনো বিশিষ্ট লোকক সাক্ষাৎ কৰি ‘কা’ সন্দৰ্ভত তেওঁলোকৰ মতামত গ্ৰহণ কৰি গামোচাত স্বাক্ষৰ কৰে। এই বিশিষ্ট লোক সকলে অসমীয়া জাতিৰ মৃতশেল ৰূপী “কা”ৰ বিৰোধীতা কৰাৰ লগতে শীঘ্ৰে ‘কা’ বাতিল কৰাৰ দাবী জনায় ।