গোলকগঞ্জৰ আগমনিত অনুষ্ঠিত কংগ্ৰেছ নিৰ্বাচনী সভাত লোকে লোকাৰন্য

8

গোলকগঞ্জৰ আগমনিত অনুষ্ঠিত কংগ্ৰেছ নিৰ্বাচনী সভাত লোকে লোকাৰন্য

দুৰ্নীতিৰ দৰ্পণ সেৱা , আলতাপ হোছেইন , গোলকগঞ্জ , ২ এপ্ৰিলঃ গোলকগঞ্জৰ আগমনিত আজি কংগ্ৰেছৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং,ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল,ইমৰান প্ৰতাপগিৰি,গোলকগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছোবাহান আলী সৰকাৰ প্ৰমূখ্যে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু নেতা কৰ্মী উপস্থিত থাকে। কংগ্ৰেছৰ আজিৰ নিৰ্বাচনী সভা খনত কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্ৰীয়াংকা গান্ধী উপস্থিত থকাৰ কথা আছিল যদিও কৰোনাজনিত কাৰণত উপস্থিত নহ’ল সভা খনত । কিন্তু সভাখনত উপস্থিত থকা লোক সকলৰ কাৰণে নিজৰ বক্তব্যৰ এটা ভিডিও পঠাই দিয়ে ।

সভাখনৰ ক্ৰীনত প্ৰদৰ্শন কৰা ভিডিওটোত অসমৰ বানপানী, কা , এন আৰ চি আদি কৰি কংগ্ৰেছৰ ৫ টা গেৰান্টিৰ কথা উল্লেখ কৰে । প্ৰতি গৰাকী মহিলাক দুই হেজাৰ টকা প্ৰদান,৫ লাখ চাকৰিকে ধৰি কেবাটাও ঘোষণা কৰে। জীতেন্দ্ৰ সিঙে এই বাৰৰ নিৰ্বাচন অসমৰ জনগনৰ নিৰ্বাচন বুলি কয়। তেওঁ কয় , বিজেপিয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে অসমত,তাৰ উত্তৰ দিয়াৰ নিৰ্বাচন এইবাৰৰ নিৰ্বাচন। ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় , দুই মে’ত ভাজপাৰ শেষ দিন। কাৰণ , এইবাৰ অসমত বিজেপি হাৰাটো নিশ্চিত। মোদী কৈছিল দেশ বেচনে নেহি দুংগা। কিন্তু এয়াৰপোৰ্ট,ৰেলৱে,ৰিফেইনাৰী আদি এটাৰ পিছতহে আন‌ এটা দেশৰ সম্পদ বিক্ৰী কৰি আছে। তেওঁ কয়, নৰেন্দ্ৰ মোদী যিখন স্কুলত পৰিছে, যি ৰাস্তাত খোজকাঢ়ে , যি চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰে , সেই আটাইবিলাক কংগ্ৰেছে কৰা। নৰেন্দ্ৰ মোদীয়ে বিভাজনৰ ৰাজনীতি কৰে।