গোলকগঞ্জৰ বিচনদৈত কংগ্ৰেছৰ নিৰ্বাচনী সভা

7

গোলকগঞ্জৰ বিচনদৈত কংগ্ৰেছৰ নিৰ্বাচনী সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , গোলকগঞ্জ , ৪ এপ্ৰিলঃ গোলকগঞ্জত কংগ্ৰেছৰ নিৰ্বাচনী সভাত উপস্থিত হৈ এইবাৰ অসমত কংগ্ৰেছ মহাজোটৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰে গৌৰৱ গগৈয়ে । কংগ্ৰেছ চৰকাৰ আহিলে বিজেপিৰ বিভাজন আৰু হিংসাৰ ৰাজনীতিক বিদায় দি শান্তি আৰু উন্নয়নৰ ৰাজনীতি আৰম্ভ হব । কংগ্ৰেছে দিয়া পাচঁটা গেৰান্টী কাৰ্যকৰী কৰা হ’ব। তেওঁ কয় , বহুতে প্ৰশ্ন কৰে বিজেপিয়ে মূল্য বৃদ্ধি ২৫ লাখ চাকৰীৰ কথা কৈ প্ৰতাৰনা কৰিলে । ইয়াৰ উত্তৰত তেওঁ কয় , ১৯৯১ উল্লেখ কৰি কয় কেন্দ্ৰত বিজেপি আৰু ৰাজ্যত অগপ চৰকাৰ থকা সময়ত দৰমহা নোপোৱা সকল কংগ্ৰেছ চৰকাৰৰ দিনতহে দৰমহা পাৱলৈ সক্ষম হৈছিল । গতিকে , এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে গৃহিণী সকলক প্ৰতি মাহে দুই হেজাৰ টকা প্ৰদানকে ধৰি কংগ্ৰেছৰ পাচঁটা গেৰান্টী কাৰ্যকৰী কৰিব । ৰিপুন বৰাই প্ৰথম আৰু দ্বিতীয় পৰ্যায়তে কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত বুলি কয়। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন মহাজোটৰ বনাচ বুলি উল্লেখ কৰে। তেওঁ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে । লগতে গোলকগঞ্জৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা এইবাৰৰ নিৰ্দলীয় প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক বিজেপিৰ দালাল বুলি কয়। তেওঁ বিজেপিক সহায় কৰাৰ লগতে বিভিন্ন অপপ্ৰচাৰত নামিছে । গতিকে , তাৰ কথাত গুৰুত্ব নিদি কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান জনায়।