গৌৰীপুৰত ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিবেশন , মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক স্মাৰক পত্ৰ প্ৰদান

128

গৌৰীপুৰত ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিবেশন , মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক স্মাৰক পত্ৰ প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ইমৰান হুছেইন সেখ , আলমগঞ্জ , ৯ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিবেশৰ দ্বিতীয় দিনা উদুলি মুদলি হয় গৌৰীপুৰৰ মাটিয়াবাগ । ৰাতিপুৱা দহ বজাত অঙ্গবাড়ী কৰ্মী সহায়িকা সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । পুৱা এঘাৰ বজাত সদৌ অসম অঙ্গবাড়ী কৰ্মী সহায়িকা সন্থাৰ ভূমিকা আৰু কৰ্মী সহায়িকা সকলৰ ভৱিষ্যত সম্পৰ্কে আলোচনা চক্ৰ, দুপৰীয়া বাৰ বজাত গুৱাহাটী ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্রী দেবজানী শীল আৰু হিমাশ্ৰী শৰ্মাৰ পৰিচালনাত মুকলি সভা অনুষ্ঠিত হয় । বাল্য বিবাহ বন্ধ কৰা,শিশু শ্ৰমিক বন্ধ কৰা, চাকৰি নিয়মীয়া কৰণ কৰা, দৰমহা বৃদ্ধি কৰা, অৱসৰৰ সময়ত কৰ্মী সকলক পাঁচ লাখ, মিনি অঙ্গবাড়ী কৰ্মী সকলক চাৰি লাখ টকা আৰু সহায়িকাক তিনি লাখ টকা এক কালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই । বিশিষ্ট তথা আমন্ত্ৰণত্রিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম অঙ্গবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী বিজয়া ডেকা, সম্পাদিকা ৰূপা আৰন্ধৰা গগৈ, প্ৰাক্তন মন্ত্রী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মহিবুল হক।