চতিয়া সমষ্টিত ভূমিহীন ৩০৭ টা পৰিয়ালক ভূমিপট্টা বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ

297
চতিয়া সমষ্টিত ভূমিহীন ৩০৭ টা পৰিয়ালক ভূমিপট্টা বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৫ অক্টোবৰঃ ভূমিহীন খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়াৰ মাটি ভেটি ৰক্ষা কৰা আমাৰ চৰকাৰৰ অন্যতম লক্ষ্য ৷ জাতি ৰক্ষাৰ বাবে আমাৰ মাটিত আমাৰ অধিকাৰ থাকিবই লাগিব আৰু খিলঞ্জীয়া লোকক এই অধিকাৰ প্ৰদানৰ বাবে আমি দায়িবদ্ধ ৷ এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ কালি জামুগুৰিহাট বাপুজি ভৱনত আয়োজিত এক গাম্ভীৰ্যপুৰ্ন অনুষ্ঠানত নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা আৰু নদুৱাৰ ৰাজহচক্ৰ বিষয়া আকাশদ্বীপ কাকতিৰ উপস্থিতিত আয়োজিত ভূমি পট্টা বিতৰণী অনুষ্ঠানত বিধায়ক গৰাকীয়ে এনেদৰে কোৱাৰ লগতে কয় যে মোৰ সমষ্টিৰ আটাইকেইটা মৌজাৰ  মুঠ ৩০৭ টাকৈ ভুমিহীন পৰিয়ালক এই ভূমিপট্টা বিতৰণ কৰা হৈছে ৷ অসমীয়া জাতিয় জীৱন ৰক্ষাৰ হেতু আপোচ বিহীন সিদ্ধান্তৰ প্ৰতি আমি সদায় দ্বায়বদ্ধ ।