তামাৰহাটত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে তামাৰহাট আৰক্ষীৰ অভিযান

134
তামাৰহাটত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে তামাৰহাট আৰক্ষীৰ অভিযান
 সাতটা অবৈধ গৰু আটক ::
দুৰ্নীতিৰ দৰ্পণ সেৱা, তামাৰহাট ২১ জানুৱাৰী:– ধুবুৰী জিলাৰ তামাৰহাট থানাৰ আৰক্ষীয়ে অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই আজি থানা খনৰ অন্তৰ্গত  বেলপাৰা চৰ গাঁওত  অবৈধ ভাবে চালান দিয়াৰ বাবে জমা কৰি ৰখা সাতটা গৰু আটক কৰে । জানিব পৰা মতে এচাম অবৈধ গৰু ব্যাৱসায়ীয়ে বাংলাদেশলৈ চালান দিয়াৰ উদ্যেশেৰে উক্ত গৰু সাতটা তামাৰহাট থানাৰ অন্তৰ্গত বেলপাৰা চৰ গাঁৱত জমা কৰি ৰাখিছিল । বিশেষ সূত্ৰে খবৰ পাই তামাৰহট থানাৰ আৰক্ষীয়ে অভিযান চলাই গৰু সাতটা জব্দ কৰি গাঁও খনত থকা খোৱাৰত দিয়ে ।উল্লেখ্য যে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত সক্ৰিয়হৈ থকা অবৈধ গৰু ব্যাৱসায়ীৰ চক্ৰ এটাই বহি:ৰাজ্যৰ পৰা উন্নত জাতৰ গৰু-মহ আনি অসম-বংগ সীমান্তৰ গংগাধৰ নদী পাৰ কৰাই ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ  বিভিন্ন পথেৰেলৈ গৈ ভাৰত -বাংলাদেশ সীমান্তয়েদি বাংলাদেশলৈ চালান দিয়া কাৰ্য অব্যাহত ৰাখিছে ।