তেজপুৰ চহৰৰ মাজমজিয়াত ফুড ভেন মুকলি কৰিলে শিক্ষিত নিবনুৱা যুৱক সেষৰ হাজৰিকাই

63

তেজপুৰ চহৰৰ মাজমজিয়াত ফুড ভেন মুকলি কৰিলে শিক্ষিত নিবনুৱা যুৱক সেষৰ হাজৰিকাই

দুৰ্নীতিৰ দৰ্পন সেৱা ,বিশ্বনাথ চাৰিআলি, ১৭ফেব্ৰুৱাৰী: বিশ্বনাথ জিলাৰ বিহপুখুৰীৰ এজন শিক্ষিত নিবনুৱা যুৱক সেষৰ হাজৰিকা। সেষৰ হাজৰিকাৰ নিজৰ ভৰিত নিজে থিয় হোৱাৰ মন। নিজে কিবা এটা কৰাৰ প্ৰয়াস হাজৰিকাৰ। আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি নিবনুৱা যুৱক-যুৱতী সকলে চৰকাৰী চাকৰি বিছাৰি হাবাথুৰি খাই ফুৰে। কিন্তু সম্পূৰ্ণ ব্যতিক্ৰমী সেষৰ হাজৰিকা। হাজৰিকাই চাকৰিৰ মোহ এৰি আৰম্ভ কৰিছে ফাষ্ট ফুড ভেন।শেষৰ হাজৰিকাৰ দৰে আন আন নিবনুৱা যুৱক-যুৱতী সকলেও হৈ পৰক আদৰ্শ। উল্লেখযোগ্য যে , শেষৰ হাজৰিকাৰ পিতৃ কিশোৰ হাজৰিকাৰ চাৰিখনকৈ ধাবা আৰু ৰেষ্টুৰেণ্ট থকাৰ পিছতো নিজে নিজৰ দৃষ্টিভংগীৰে ব্যৱসায় আৰম্ভ কৰিছে সেষৰে । সেষৰ হাজৰিকাৰ এনে উদ্যমী আদৰ্শৰে অনুপ্ৰাণিত হওক নিবনুৱা যুৱক -যুৱতী সকল ।