দক্ষিণ শালমাৰাত নুৰুল ইছলাম মোল্লাৰ নিৰ্বাচনী তৎপৰতা

69

দক্ষিণ শালমাৰাত নুৰুল ইছলাম মোল্লাৰ নিৰ্বাচনী তৎপৰতা

দুৰ্নীতিৰ দৰ্পণ সেৱা , দক্ষিণ শালমাৰা পৰা ইনানুৰ ৰহমান : নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন । প্ৰতি মুহূৰ্ততে সলনি হৈছে নিৰ্বাচনী প্ৰেক্ষাপট । দক্ষিণ শালমাৰা সমষ্টিও ইয়াৰ ব্যতিক্ৰম নহয় । কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ ফলত এইবাৰ দক্ষিণ শালমাৰাত এআইইউডিএফে প্ৰাৰ্থী নিদিয়াটো এক প্ৰকাৰ খাটাংহৈ পৰিছে । এনে অৱস্থাত এআইইউডিএফৰ নেতা কৰ্মী সকলে ক্ষুন্ন হৈ নুৰুল ইছলাম মোল্লাক নিৰ্দলীয় প্ৰাৰ্থী হিচাবে থিয় কৰাই ব্যাপক প্ৰচাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।শুক্ৰবাৰে নুৰুল ইছলাম মোল্লাই ফকিৰগঞ্চত উপস্থিত হোৱাত শতাধিক কৰ্মী সমৰ্থকে আদৰণি জনায় । কংগ্ৰেছৰ প্ৰবল প্ৰতাপী নেতা ওয়াজেদ আলী চৌধুৰীক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নুৰুল ইছলাম মোল্লাই কেনেদৰে প্ৰত্যাহ্বান জনায় , সেয়া হব লক্ষ্যণীয় ।