’দুৰ্নীতিৰ দৰ্পণ ’ কাকতৰ সাংবাদিক আব্দুল জলিললৈ সংবাদ সেৱা সন্মান বঁটা

94

’দুৰ্নীতিৰ দৰ্পণ ’ কাকতৰ সাংবাদিক আব্দুল জলিললৈ সংবাদ সেৱা সন্মান বঁটা

বৰপেটা, ২০ জানুৱাৰী: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বনবাহাৰ গাৱৰ বিশিষ্ট সাংবাদিক আব্দুল জলিললৈ সংবাদ সেৱা সন্মান বঁটা ৷সংবাদ জগতত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে সমাজ সেৱাৰ লগতে সমাজত সংগঠিত হোৱা দুৰ্ণীতিৰ বিৰুদ্ধে সংবাদ পৰিবেশন কৰি সৱল ভুমিকা পালন কৰি আহিছে ৷২০১৩ চনৰ পৰা বিভিন্ন কাকতত কাম কৰি বৰ্তমান ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছোছিয়েশ্যনৰ বৰপেটা জিলা সমিতিৰ সভাপতি হিচিপে কাৰ্য নিৰ্বাহ কৰি আছে ৷ ধুবুৰীৰ গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্নীতিৰ দৰ্পণ দৈনিক বাতৰি কাকতৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত গৌৰীপুৰ বিশিষ্ট ব্যক্তি প্ৰবীৰ বৰুৱাৰ সভাপতিত্বত মুকলি সভা অনুষ্টিত হয় ৷ সভাত আদৰণি ভাষণ প্ৰদান কৰে দুৰ্নীতিৰ দৰ্পণ কাকতৰ সম্পাদক ছায়েদ আলী খানে ৷ বৰ্ষপূৰ্তি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথ‍া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মহিবুল হক, গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° আব্দুল হানিফ তালুকদাৰ, বিশিষ্ট সাংবাদিক ৱাদুদ জামান ,ধুবুৰীৰ সমাজ সেৱক সিমূল সৰকাৰ, সমাজ সেৱক মহম্মদ আব্দুল নাছেৰ আল ফাৰুক, গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ড° আমিনুৰ ইছলাম, ধুবুৰী Dy365 ৰ সাংবাদিক ৰাজীৱ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰনৱাশীষ ৰায়, গৰীয়া মৰিয়া দেশী জনগোষ্টীৰ ধুবুৰী জিলা সভাপতি মোজ্জামেল হক। দুৰ্নীতিৰ দৰ্পণ কাকতৰ কাৰ্যবাহী সম্পাদক জমিৰ উদ্দিন তালুকদাৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা সংবাদকৰ্মী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই বৰ্ষপূৰ্তি অনুষ্ঠানত বৰপেটা জিলাৰ বিশিষ্ট সাহিত্যিক তথা কয়াকুছি শাখা সাহিত্য সভাৰ সভাপতি তালেবৰ ৰহমান,হাুলিৰ সাংবাদিক মনজিত দাস , বিশিষ্ট শিল্পী অঞ্জলী চৌধুৰী ,সমাজ সেৱক মিৰ হুছেইন জিন্নাকে আদি কৰি পাঁচগৰাকী ব্যাক্তিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৮ গৰাকী ব্যক্তিক সংবাদসেৱা, দক্ষ আৰক্ষী বিষয়া, শিল্পী, স্বাস্হ্য কৰ্মী, সমাজ সেৱক, বিশিষ্ট ব্যক্তি সকলক প্ৰয়াত সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তী স্মৃতি বঁটা প্ৰদান কৰে ৷