ধুবুৰীত “ফলিমাৰী জাতীয় বিদ্যালয়,ধুবুৰী” নামেৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আনুষ্ঠানিক শুভ উদ্বোধন

172

ধুবুৰীত “ফলিমাৰী জাতীয় বিদ্যালয়,ধুবুৰী” নামেৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আনুষ্ঠানিক শুভ উদ্বোধন

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী , ১৫ মাৰ্চঃ “শিক্ষাই জাতিৰ মেৰুদণ্ড’ কথাষাৰৰ বাস্তৱ ৰুপ দিয়াৰ উদ্দেশে ধুবুৰীৰ শিক্ষাৰ ক্ষেত্ৰত সজাগ গাওঁ ফলিমাৰীত সচেতন মুৰব্বী সমাজৰ পৰামৰ্শ মতে কেইজনমান সচেতন শিক্ষিত যুবকে এখন “ফলিমাৰী জাতীয় বিদ্যালয় , ধুবুৰী” নামেৰে নামাকৰণ কৰি এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰা হয় ৷ অত্ৰ বৃহত এলেকা তথা ফলিমাৰী ১ ম আৰু ২ য় খণ্ড, ডাংগীৰ চৰ,ঘোৰামাৰা , কুন্তিৰচৰ ১ম আৰু ২য় খণ্ড ডুবাইচৰ , পাচপীৰ চৰ আদি বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে পঢ়াশুনাৰ বাবে কমেও দুইৰ পৰা দহ কি়মি অতিক্ৰম কৰি ধুবুৰী নাইবা গৌৰীপুৰ চহৰৰ বিভিন্ন বিদ্যালয় মহাবিদ্যায়লৈ যাব লগা হয় ৷ নবগঠিত বিদ্যালয় খন প্ৰতিষ্ঠিত হোৱাত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ কিছু পৰিমানে হলেও সকাহ পাব বুলি আশা কৰা হৈছে ৷ উল্লেখিত বিদ্যালয় খন ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে সম্পূৰ্ণ ভাবে সাজু কৰি তুলি আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয় ৷ উদ্বোধনী অনুষ্ঠান খনত ফিটাকাটি বিদ্যালয় খনৰ দুৱাৰ মুকলি কৰে স্থানীয় বয়োজ্যেষ্ঠ মুৰব্বী আব্দুৰ ৰহমান সৰকাৰে ৷ বিদ্যালয়ৰ সভাপতি সাহাদত আলী মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত উদ্দেশ্য ব্যখ্যা কৰে ইমদাদুল ইছলাম প্ৰধানীয়ে ৷ প্ৰায় পাচ শতাধিক ৰাইজ তথা অভিভাৱক সমাগম হোৱা সভাখনত অতিথি হিচাবে উপস্থিত থাকে জিলা পৰিষদৰ প্ৰাক্তন সদস্য জিন্নত আলী , শিক্ষক ইব্ৰাহিম আলী সেখ , সোনাউল্যা ডাঙৰীয়া , আবুল কালাম আজাদ , ইনামুল হক,বৰকান্দা পিপল্চ একাডেমিৰ শিক্ষক খুৰছেহেদুল ইছলাম , স্থানীয় মুৰব্বী ক্ৰমে ইয়াকুব আলী , ৰছুল মামুদ , জহিৰুল হক , জুৰান আলী , মহৰ উদ্দিন , নওসাদ আলী ,ছাবেৰ আলী , হামিদুল ইছলাম , মোকলেছুৰ ৰহমান(প্ৰৱক্তা) ,আব্দুল ছাত্তাৰ , মাৰফত আলী ,পঞ্চায়ত সদস্য নজৰুল হক আৰু আঃ ৰশিদ মণ্ডলে উপস্থিত থাকে ৷ সভাত বিদ্যালয় খনৰ শিক্ষক বৃন্দ ক্ৰমে নুৰুল ইছলাম খান (প্ৰধান শিক্ষক), প্ৰিয়ংকা দাস , নাৰজিনা বেগম,আৰজিনা বেগম , মোফাজ্জল হোছেইন,ছালমা ছুলতানা , ইমদাদুল ইছলাম প্ৰধানী , মেহজেবিন আকতাৰা , শিব কুমাৰ বৰ্মন , ৰনজিৎ দাস , জাহাংগীৰ আলম প্ৰধানী আদি সকলে উপস্থিত থাকে ৷