পাকাবেতবাৰীত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় সাক্ষৰতা সপ্তাহ উপলক্ষে সজাগতা সভা

67

পাকাবেতবাৰীত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় সাক্ষৰতা সপ্তাহ উপলক্ষে সজাগতা সভাপ্ৰতিবেদক মনজিৎ দাস , হাউলী ,১৩ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰীৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰয়েল মিছন একাডেমীত কালি (১২ ফেব্ৰুৱাৰী) নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংক, সদৰ বৰপেটা শাখাৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। বৰপেটা জিলাৰ বিত্তীয় সাক্ষৰতা সমিতিৰ কাউন্সিলাৰ চৈয়দ তাহিদুৰ ৰহমানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ সেৱা বৰপেটা চহৰ শাখাৰ শাখা প্ৰৱন্ধক মনদ্বীপ দাসে। স্থানীয় বিভিন্ন অঞ্চলৰ অাত্মসহায়ক গোট, ৰাইজ অাদি কৰি প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় সপ্তাহ উপলক্ষে অনুষ্ঠিত উক্ত সজাগতা সভাত ক্ৰমে নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংক বৰপেটাৰ অাঞ্চলিক বিষয়া জয়ন্ত কুমাৰ ডেকা, বৰপেটা জিলাৰ বিত্তীয় সাক্ষৰতা সমিতিৰ কাউন্সিলাৰ চৈয়দ তাহিদুৰ ৰহমান অাৰু নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ সেৱা বৰপেটা চহৰ শাখাৰ শাখা প্ৰৱন্ধক মনদ্বীপ দাস অাদিকে কৰি কেইবাগৰাকী বিষয়ববীয়াই উপস্থিত থাকি নানা ধৰণৰ ঋণ, ঋণৰ পৰিশোধ কৰা নিয়ামানুবৰ্তিতা, পি এম এছ জে বি ওৱাই, পি এম এছ বি অাঁচনি অাদি সন্দৰ্ভত বিস্তাৰিতভাৱে তথ্য সমৃদ্ধ গঠণমুলক ভাষন অাগবঢ়ায়। উল্লেখ্য যে, যিকোনো স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা যে, ঋন গ্ৰহন কৰিব লাগে অাৰু সঠিক সময়মতে ঋন পৰিশোধ কৰি সকলোৱে নিজৰ নিজৰ চিবিল’ৰ মানদণ্ড উন্নত কৰি ৰখাক মুল উদ্দেশ্য হিচাপে লৈ অনুষ্ঠিত এই সজাগতা সভাত ৰয়েল মিছন একাডেমীৰ অধ্যক্ষ হৰকিশোৰ চৌধুৰী, সাংবাদিকদ্বয় প্ৰদীপ কুমাৰ সৰকাৰককে ধৰি বহুতো গন্য-মান্য ব্যক্তিয়ে উপস্থিত থাকে।