বিলাসীপাৰাত চোৰাং গৰু জব্দ

48

বিলাসীপাৰাত চোৰাং গৰু জব্দ

দুৰ্নীতিৰ দৰ্পণ সেৱা , সহিদুল ৰহমান , বিলাসীপাৰা , ২১ মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আৰক্ষীয়ে গ্ৰহণ কৰিছে কটকটীয়া তালাচী ব্যৱস্থা । কিন্তু তাৰ মাজতো অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা । এইক্ষেত্ৰত বিলাসীপাৰা মহকুমা আৰক্ষী প্ৰশাসনৰ দেখা গ’ল এক ব্যাপক তৎপৰতা । এক গোপন সূত্ৰৰ পম খেদি কালি বিলাসীপাৰা আৰক্ষীয়ে অভিযান চলাই ৩৮ টাকৈ উন্নত প্ৰজাতৰ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে , শনিবাৰে ৰাতিপুৱা ৫:০০ মান বজাত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু বিলাসীপাৰা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলোৱা এক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় উক্ত চোৰাং গৰু কেইটা ।

আৰক্ষীয়ে জনোৱা মতে , মহকুমাটোৰ নয়াহাট আৰক্ষী চকীৰ ডুৱাচুৰী দ্বিতীয় খণ্ড গাওঁৰ টিপকাই নৈৰ বাকৰিৰ পৰা ১৬ টা আৰু বিলাসীপাৰা গুটি পাৰা গাঁৱৰ গৌৰাং নৈৰ বাকৰিৰ পৰা ২২ টাকৈ চোৰাং গৰু আজি জব্দ কৰে । পৃথকে পৃথকে চলোৱা এই অভিযানত মুঠ অঠত্ৰিশ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । এনেদৰে বাংলাদেশ সীমান্তৱৰ্ত্তীত বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা চোৰাং গৰুৰ সৰবৰাহ অব্যাহত আছে । পূৰ্বে বহু চোৰাং গৰু উদ্ধাৰ কৰিছে আৰক্ষীয়ে । উক্ত চোৰাং গৰুবোৰ দেখাত বহিঃ ৰাজ্যৰ গৰু আৰু কোনোবা দূষ্কৃৰ্তিকাৰীয়ে বহিঃ ৰাজ্যৰ পৰা চোৰাংকৈ অসমৰ মাজেৰে বাংলাদেশলৈ নিয়াৰ প্ৰচেষ্টা চলাইছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীৰ এই অভিযান কালত চোৰাং বেপাৰীয়ে আৰক্ষীৰ উমান পাই চেক বুজি পলায়ন কৰে বুলি জানিবলৈ দিয়ে ।