বৰপেটাত ঠিকাদাৰ-গড়কাপ্তানী বিভাগৰ বিষয়াই নামানে উপায়ুক্তৰ আদেশ , জলা-কলাত ভুগিছে ৰাইজ 

152
বৰপেটাত ঠিকাদাৰ-গড়কাপ্তানী বিভাগৰ বিষয়াই নামানে উপায়ুক্তৰ আদেশ , জলা-কলাত ভুগিছে ৰাইজ
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক , মনজিৎ দাস , হাউলী , বৰপেটা , ২৭ ডিচেম্বৰঃ দক্ষিণ পূব বৰপেটাৰ চেঙা সমষ্টিৰ পিছপৰা গাঁও আৰু চৰগাঁও যথাক্ৰমে সুহা, ভোগেৰপাৰ, বাৰাদি, বৰবাৰাদি, পাজাৰভাঙা, ডক্ৰেশ্বৰ, বেলৰতাৰী, বৰঘোল,হাতেমা আদি কৰি প্ৰায় কুড়িখন গাঁৱৰ ৰাইজ, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পণবন্দী কৰি সুহা আৰু ঔমূৰাৰ মাজৰ একমাত্ৰ যাতায়তৰ পথৰ কাঠৰ দলংখন খুলি পেলাই সকলোকে জলা-কলা খুৱাইছে ৷ সম্প্ৰতি নতুনকৈ হ’বলগীয়া আৰ চি চি দলং নিৰ্মাণৰ নামত বিগত প্ৰায় দেৰমাহৰো অধিক কাল সুহা হাইস্কুল , পাজাৰভাঙা হাইস্কুল, পাজাৰভাঙা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়, গোমা উন্নয়নখণ্ড, পাজাৰভাঙা গাঁও পঞ্চায়ত আদি অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলৰ ভীষণ অসুবিধাৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে , পালহাজীৰ পৰা বহৰি হৈ গুৱাহাটীলৈ যাবলগীয়া পোন্ধৰ বিশখন টেম্পো , ট্ৰেভেলাৰ আৰু বাছগাড়ী চাৰি পাঁচ কিলোমিটাৰ পথাৰৰ মাজেৰে ঘুৰিগৈ অন্য ৰাস্তাত যাতায়ত কৰে ৷ কোনো ধৰণৰ উপ-ৰাস্তা অথবা ফুটব্ৰীজ নবনোৱাকৈ কাঠৰ পুৰণা দলংখন খুলি পেলোৱাত বিষয়টো উৰ্দ্ধতন কৰ্তৃপক্ষক অৱগত কৰিছিল ৰাইজে ৷ যোৱা ১১ ডিচেম্বৰত বিষয়টো সন্দৰ্ভত বৰপেটাৰ উপায়ুক্ত শৰ্মাক অৱগত কৰোৱাত সংশ্লিষ্ট দলঙখনৰ ঠিকাদাৰ তাছিক ৰহমানে পাঁচ সাতদিনৰ ভিতৰত ফুটব্ৰীজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ আনকি , সেই দিনাৰ পৰা আজিলৈকে ষোল্ল-সোতৰ দিন উকলি যোৱাৰ পিছতো ৰাইজৰ যন্ত্ৰণা বেদনাদায়ক হৈয়েই থাকিল ৷ বিষয়টোলৈ বিভাগীয় বিষয়া ঠিকাদাৰৰ যেন মূৰৰ বিষ নাই ৷ যাৰ বাবে বৰপেটাৰ দক্ষিণাঞ্চলৰ সমূহ চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান আৰু ৰাইজে পুনৰ জিলাৰ মুৰব্বী আৰু প্ৰয়োজন সাপেক্ষে বিভাগীয় মন্ত্ৰীক অৱগত কৰাৰ সিদ্ধান্ত লৈছে ৷ যদি তাৎক্ষণিক বাবে এই সমস্যাৰ সমাধান নকৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী অথবা পথ অৱৰোধ কৰা হ’ব বুলিও স্থানীয় ভুক্তভোগী ৰাইজে জানিবলৈ দিছে ৷ তাৰ বাবে কিন্তু বিভাগীয় বিষয়া আৰু ঠিকাদাৰ দায়ী হ’ব বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । স্মৰ্তব্য যে , আহোম সম্ৰাট শিৱ সিংহৰ আমোলত স্থাপন কৰা ডক্ৰেশ্বৰ দেৱালয়লৈ যোৱা একমাত্ৰ ৰাস্তাখন বিচ্ছিন্ন হোৱাৰ উপৰিও জহিখহি যোৱাত সম্প্ৰতি ভক্তপ্ৰাণ ৰাইজৰ মাজত ব্যাপক ফিৰিঙতি সৃষ্টি হৈছে ।