বৰপেটাত প্ৰাথমিক শিক্ষক সন্মিলনীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপয়ণ

51

বৰপেটাত প্ৰাথমিক শিক্ষক সন্মিলনীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপয়ণ
প্ৰতিবেদক মনজিৎ দাস , হাউলী , ২০ ফেব্ৰুৱাৰীঃ ৰাজ্য প্ৰাথমিক বিদ্যালয় সমুহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু প্ৰাথমিক বিদ্যালয় সমুহত কৰ্মৰত স্নাতক শিক্ষক সকলৰ ৮৭০০ টকাৰ গ্ৰেড পে’ বাহাল ৰখাৰ দাবীত আজি বৰপেটাতো বৰপেটা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৷ আজি জিলাখনৰ প্ৰাথমিক বিদ্যালয়মুহত কৰ্মৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক পাঠদানৰ বিপৰীতে এনেদৰে বৰপেটা জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত সমবেত হৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে নিজ প্ৰাপ্যৰ দাবীত এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰে ৷ উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয়সমুহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ক্ষেত্ৰত প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলে দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ তাৰোপৰি সপ্তম দৰমহা আয়োগে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলক ৮৭০০ টকাৰ গ্ৰেড পে’ প্ৰদান কৰিছিল ৷ কিন্তু ৰাজ্য চৰকাৰৰ আসোৱাহ দূৰীকৰণ সমিতিয়ে ৮৭০০ টকাৰ গ্ৰেড পে’ কাঢ়ি নিয়াৰ প্ৰতিবাদ জনাই আহিছে আৰু স্নাতক শিক্ষকসকলৰ প্ৰাপ্য গ্ৰেড পে’ আদায়ৰ দাবী জনাই এনেদৰে ধাৰাবাহিকভাৱে শিক্ষকসকলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰি আছে ৷