যুৱ মৰ্চাৰ মাজুলী জিলা কাৰ্যনিৰ্বাহক সভা সম্পন্ন

4135
যুৱ মৰ্চাৰ মাজুলী জিলা কাৰ্যনিৰ্বাহক সভা সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ সেৱা , মাজুলী , ১৫ অক্টোবৰ : ভাৰতীয় জনতা যুৱ মৰ্চা মাজুলী জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰিতুপৰ্ণ শৰ্মাৰ সভাপতিত্বত গড়মূৰ খোনাচুক মাধৱ দেৱ কৃষ্টি বিকাশ কেন্দ্ৰ  প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুস্হিত হয় ৷ সভাত অসম প্ৰদেশ জনতা যুৱ মৰ্চাৰ উপ সভাপতি তথা মাজুলী জিলাৰ সাংগঠনিক প্ৰভাৰী  শ্ৰীযুত ঘনশ্যাম দলে দেৱ , অসম প্ৰদেশ জনতা যুৱ মৰ্চাৰ সম্পাদিকা শ্ৰীমতী হিমাশ্ৰী দেৱী , ৰাজ্যিক সমিতিৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ সম্পৰ্ক কোষৰ সহ তত্ত্বাৱধায়ক তথা মাজুলী জিলা যুৱ মৰ্চাৰ সাংগঠনিক সহ প্ৰভাৰী শ্ৰীযুত পাৰ্শ্বজ্যোতি বৰা দেৱ ,ৰাজ্যিক  অধ্যায়ন কোষৰ তত্বাৱধায়ক ৰঞ্জন মহন্ত দেৱ , যুৱ মৰ্চা অসম প্ৰদেশৰ সংবাদ কোষৰ সহ তত্বাৱধায়ক বিশ্বজিত খাউণ্ড দেৱ , ৰাজ্যিক কাৰ্যনিৰ্বাহকদ্বয় কিৰণ শইকীয়া , কৃষ্ণ শইকীয়া দেৱ  ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত লোকনাথ কুটুম ডাঙৰীয়া  , ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলাৰ সাধাৰণ সম্পাদক দেৱব্ৰত দত্ত দেৱ, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় কাৰ্যনিৰ্বাহকদ্বয় শ্ৰীযুত দীপক গোস্বামী আৰু বীৰেন শইকীয়া দেৱ , চাৰিওটা মণ্ডলৰ সন্মানীয় সভাপতি সকল , দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত মাধৱ দেউৰী দেৱ , কমলাবাৰী গাও পঞ্চায়তৰ সভাপতি শ্ৰীযুত উৎপল ভেৰুৱা দেৱৰ  লগতে জনতা যুৱ মৰ্চাৰ মাজুলী সমিতি আৰু চাৰিওটা মণ্ডলৰ সভাপতি কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷