ৰঙিয়াত মাঘী সভা আৰু বাৰ্ষিক অধিবেশন

39

ৰঙিয়াত মাঘী সভা আৰু বাৰ্ষিক অধিবেশন
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন,২১ ফেব্ৰুৱাৰীঃ ৰঙিয়াৰ মধুকুছিৰ ঘাঁহকুছি আঞ্চলিক নাথ কমিটিৰ উদ্যোগত মাঘী সভাৰ লগতে বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয় । মধুকুছিৰ বুকুত এই সভাখনৰ আছে এক উল্লেখযোগ্য ইতিহাস । উল্লেখযোগ্য যে , ইং ১৯৪৬ চনৰ পৰা এই সভা উদযাপিত হৈ আহিছে । প্ৰতি বছৰে এই সভাখনলৈ নিকটৱৰ্তী বিভিন্ন অঞ্চলৰ শ-শ ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হয় । এইবেলিও ইয়াৰ ব্যতিক্রম নোহোলাকৈ অনুষ্ঠিত হৈছে সভা।চলিত বৰ্ষৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰী অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে এই সভাখন অনুষ্ঠিত হয় । এই মাঘী সভাৰ দ্বাৰ উদঘাটন কৰে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ডঃ দীনেশ কাকতি নাথে । ইয়াৰোপৰি ১৯ ফেব্ৰুৱাৰীত আৰিয়া প্ৰজ্বলনকে ধৰি ভিন্ন কাৰ্যসূচীৰ উপৰিও বিষ্ণু জ্যোতি নাট্যগোষ্ঠীৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হয় । আনহাতে , দ্বিতীয় দিনাও নাগাৰা নামৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰে উদ্যোগতা সকলে ।